মানকাচৰ সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত বিশ্ব স্তন পান সপ্তাহ উদযাপন।

নৱজাতকক কেনেকৈ স্তনপান কৰিব লাগে আৰু কি কি পদ্ধতিৰে নৱজাতকক স্তনপান কৰাব লাগে তাৰ ওপৰত বিশদ আলোচনা কৰা হয়।

বৰ্তমান সময়ত নৱজাতকে কিয় পুষ্টিহীনতাত ভুগি থাকে ইয়াৰ কাৰণ কি আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

বাঘাপাৰা প্ৰাথমিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা নেকিবুৰ ৰহমান আৰু বাঘাপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা ৰাইহানুৰ ইছলামে উপস্থিত কৰ্মীসকলক বুজাই দিয়ে।

আজিৰ পৰা ৭ আগষ্ট লৈকে এই বিশ্ব স্তনপান সপ্তাহ উদযাপনৰ সজাগতা সভা চলি থাকিব ।