সোনালী জয়ন্তী বৰ্ষ ,৫০ গছী বন্তি প্ৰজ্বালন কৰি ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত আজি মেলা হয় 'ৰাসৰ নাট'শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস লীলা 

উজনি মাজুলীৰ ১২ ৰংগমঞ্চত আজি নাটমেলা

পৰ্ব ;

উজনি মাজুলীৰ ১২ টাৰো অধিক ৰংগমঞ্চত এইবছৰ ৰাস উদ্ যাপন কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংগঘৰ , ৰতনপুৰলাহন কৃষ্টি সংঘ , ৰতনপুৰ ৰংগমঞ্চ , গায়নগাঁও নৱজ্যোতি ৰংঘৰ , ধোৱা চলা মাধৱদেৱ আঞ্চলিক ৰংগঘৰ , বাঘৰগাঁও ৰংঘৰ , ফুলনি ৰংঘৰ , শ্ৰীৰাম বনমালি আঞ্চলিক ৰংঘৰ , ৰঙাচাহী প্ৰগতিশীল ৰংগমঞ্চ , সোনাৰী আটী ৰংগমঞ্চ, নতুন বজাৰ, পানীখাটী, বালিচাপৰী কাঠনি আটী ৰংগমঞ্চত ৰাস উদযাপন হব ‌। ইয়াৰে ভকতিদুৱাৰ আঞ্চলিক ৰংগ মঞ্চত

ৰাস উদ্ যাপন কৰা পঞ্চাশ বছৰ অতিক্ৰম কৰাত এইবছৰ বিশেষ ভাবে ৰাসৰ আয়োজন কৰিছে ৷ এই উপলক্ষে আজি ভকতিদুৱাৰ ৰগংমঞ্চত অঞ্চলৰ ৫০ গৰাকী বয়োজেষ্ঠ লোকৰ জড়িয়তে ৫০ গছী বন্তি প্ৰজ্বালন কৰি ৰাস উৎসৱৰ নাট মেলা পৰ্ব সম্পন্ন কৰে 

। উল্লেখ্য যে নবেম্বৰ মাহৰ ৮ তাৰিখৰ

পৰা মাজুলীত ৰাসোৎসৱ আৰম্ভ হব ।অৱশ্যে ৰাস উদযাপনৰ ক্ষেত্ৰত উদযাপন সমিতি সমূহে জিলা প্ৰশাসনৰ নিতী নিয়ম মানিব লাগিব ।