সোণাৰিত ন কবি সন্মিলন অনুষ্ঠিত

সাহিত্য চৰ্চাৰ মুকলি পথাৰ আৰু সাহিত্যৰ অনুসন্ধান অসম গোট দুটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন ন কবি সন্মিলন চৰাইদেউ জিলাৰ সোণাৰি স্থিত অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এই সভাত অসমৰ বিভিন্ন জিলাৰ  ন কবি সকলৰ আগমন হোৱাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে সুৰেন বৰুৱা, মেৰাজ ৱাচিকুৰ ৰহমান, মণি গগৈ, পূৰবী ফুকন, ভৃণ্ড হাতিমুৰিয়া,  ভৱানন্দ বৰগোহাঁই, পাটসাকো শাখা সাহিত্য সভাৰ সভাপতি অতুল ফুকনৰ লগতে ড° লুকেন্দ্ৰ কুমাৰ দাসকে আদি কৰি বহুকেইজন বিশিষ্ট কবি সাহিত্যিক উপস্থিত থাকে । গুৱাহাটীৰ পৰা অহা জুবিন জ্যোতি ডেকা ই ন কবি সমাৰোহৰ মুখ্য তত্বাবধায়ক ক্ষীৰোদ মহনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সাহিত্য অনুসন্ধান‌ অসমৰ গোটৰ সদস্যসকলৰ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটিত সাহিত্য চৰ্চাৰ মুকলি পথাৰ গ্ৰুপৰ তৰফৰ পৰা দীপাংকৰ দাস, ফাৰুক আহমেদ আৰু জয়জ্যোতি শ‌ইকীয়াৰ দ্বাৰা যুতিয়া সম্পাদনাত "স্নিগ্ধ জোনাকত শেৱালীৰ সুবাস" নামৰ এখনি কাব্যসংকলন ড° লোকেন্দ্ৰ কুমাৰ দাসৰ দ্বাৰা উন্মোচন কৰা হয় । লগতে সাহিত্য অনুসন্ধান অসম গোটৰ তৰফৰ পৰা বিভিন্ন কবি সাহিত্যিকক "সাহিত্য মৌ", "সাহিত্যৰ কুকি", "সাহিত্যৰ কুঁহি", সাহিত্যৰ অনুসন্ধান অসমৰ প্ৰতিষ্ঠাপৰ বিশেষ বঁটাকে আদি কৰি বিভিন্ন উদ্গনি মূলক বঁটা প্ৰদান কৰা হয় ।