মানুহ মৃত্যু হলেহে চিকিৎসা ব্যৱস্থা উন্নত হব নিকি , মানুহক হত্যা কৰিহে চিকিৎসা বিভাগে শিক্ষা লব নিকি এয়া চৰকাৰ ড়নে উত্তৰ দিব লাগিব ৷ আজি সম্ভাৱনাপূৰ্ণ শিল্পী সত্বা তেজস্বীতা বৰুৱাৰ গৃহত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে চৰকাৰলৈ প্ৰশ্ন তুলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
আজি বিয়লী তেজস্বীতাৰ পিতৃ ৰোহিত বৰুৱা আৰু মাতৃৰ কাষত আছুৰ এটি প্ৰতিনিধি দল উপস্থিত হোৱাৰ লগে লগে ঘৰ খনত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় ৷ কান্দোনত ভাগী পৰে সকলো পিতৃয়ে কান্দি কান্দি সেইদিনা তেজস্বীতাৰ অসহায় মুহুত্ববোৰৰ কথাকৈ হিয়ালিজিয়ালি হৈ পৰা পৰিলক্ষিত হয় ৷
শংকৰজ্যোতি বৰুৱাই এই অনাকাংক্ষিত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি কৈ স্বাস্থ্যমন্ত্ৰী জনক ক্ষোৰধাৰ সমালোচনা কৰি স্বাস্থ্যমন্ত্ৰী জনে পূৰ্বেও মাজুলীবাসীক বহুত প্ৰতিশ্ৰুতি দিছে , গুৱাহাটীত আওৰাই মাজুলীত প্ৰতিশ্ৰুতি দিলেই নহব ৷ যদি মাজুলীবাসীক সচাই কিবা দিবলৈ ইচ্ছা কৰিছে এখন পূৰ্ণংগ চিকিৎসা মহাবিদ্যালয় দিয়ক ৷ চিকিৎসাৰ অভাৱত মৃত্যু হোৱা এই গৰাকীয়ে শেষৰ গৰাকী তেজস্বীতা হঁওক বুলি মন্তব্য কৰি সাধাৰণ সম্পাদক গৰাকীয়ে চৰকাৰৰ চিকিৎসা বিভাগৰ ব্যৰ্থতা সমুহ দুৰ কৰাৰ দাবী জনাই ৷ চিকিৎসক সকলকেই কেৱল সকলো দিশত দুষ দিলে নহব চিকিৎসকে চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধাও পাব লাগিব ৷
চিকিৎসক নাহে বুলি কলেই নহব চৰকাৰে চিকিৎসক থাকিব পৰাকৈ চিকিৎসা কৰিব পৰাকৈ পৰিৱেশ সুচনা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক এজন বিফল স্বাস্থ্য মন্ত্ৰী বুলি উল্লেখ কৰি শংকৰজ্যোতি বৰুৱাই চৰকাৰৰ স্বাস্থ্য বিভাগে মাজুলীৰ স্বাস্থ্য খণ্ডত যিধৰণে গুৰুত্ব দিব লাগিছিল সেইদৰে দিয়া নাই বুলি মন্তব্য কৰে ৷ ইফালে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ১৯৪৭ চনতেই প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীকো সমালোচনা কৰি কৰোনাৰ সময়ত এই মহাবিদ্যালয় খনত কভিড ৰোগীক চিকিৎসা কৰিব নোৱাৰাটো হাস্যকৰ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
 
  
  
   
   
  