হোজাইত হাতীৰ দুটা দাঁত সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
হোজাই আৰক্ষীয়ে পশ্চিম বালুহন্দৰ গাঁওত অভিযান চলাই জব্দ কৰে হাতীৰ দাঁত দুটা।লগতে গ্ৰেপ্তাৰ কৰে বাসুদেৱ মজুমদাৰ,আৰু ৰানু মজুমদাৰক।ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ হোজাইৰ পশ্চিম বালুহন্দৰ গাঁওত বুলি জনা গৈছে।আৰক্ষীয়ে জব্দ কৰা হাতীৰ দাঁত দুটাৰ ওজন প্ৰায় ৫ কেজি।ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।
 
  
  
   
   
   
  