হঠাতে যদি কাণৰ বিষত আক্ৰান্ত হয় তেতিয়া কেইটামান ঘৰুৱা চিকিৎসাৰে এই বিষৰ পৰা উপশম পাব পাৰি৷ চিকিৎসকৰ কাষ চপাৰ পূৰ্বে এনেধৰণৰ ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে যন্ত্ৰণাৰ পৰা বহুখিনি উপশম পাব পাৰে৷ সাধাৰণতে কাণৰ ভিতৰত মলি জমা হ’লে, কোনো কাৰণত সংক্ৰমণ হ’লে, কাণৰ ভিতৰত পানী সোমালে, উচ্ছতা আৰোহণ কৰাৰ সময়ত কাণৰ বিষ হ’লে অথবা তনচিল বা দাঁতৰ অসুখ আদিত আক্ৰান্ত হ’লেও কাণত বিষ অনুভৱ হ’ব পাৰে৷ 

কাণৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা চিকিৎসা 

[১] ঠাণ্ডা বা গৰম সেকঃ কাণৰ বিষত আক্ৰান্ত হ’লে এটুকুৰা বৰফ কাণৰ ওপৰত কিছুসময়ৰ বাবে ৰাখিলে বিষ তাৎক্ষণিকভাৱে কমি যায়৷ ইয়াৰ পৰিৱৰ্তে গৰমপানীৰ সেক বা হট ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়৷ যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত হট ৱাটাৰ বেগেৰে কিছুসময়ৰ বাবে সেক দিলে যন্ত্ৰণাৰ পৰা উপশম পাব পাৰি৷

[২] জলফাই তেলঃ কাণত মলি জমা হৈ বা ফাংগল ইনফেকশ্বনৰ বাবে কাণৰ বিষ হ’লে জলফাই তেল ব্যৱহাৰ কৰিব পাৰে৷ সামান্য পৰিমাণে তেলখিনি গৰম কৰি বিষ হোৱা ঠাইত দিলে যথেষ্ট আৰাম পোৱা যায়৷ উল্লেখ্য জলফাই তেল ব্যৱহাৰ অতি নিৰাপদ৷

[৩] আদা, নহৰু পিঁয়াজৰ জৰিয়তে কাণৰ বিষ কমাব পাৰিঃ এটুকুৰা আদা, পিঁয়াজ অথবা নহৰুৰ ৰস পিচি সেই ৰস কাণত দিলে বহু পৰিমাণে বিষৰ পৰা উপশম পাব পাৰি৷ যিহেতু আদা, পিঁয়াজ বা নহৰুত আছে এণ্টি ইমফ্লেমেটৰী উপাদান৷ যি বহু পৰিমাণে বিষ নাশক৷ 

[৪] শিশুৰ বাবে মাতৃদুগ্ধঃ কাণৰ বিষত শিশু আক্ৰান্ত হ’লে সামান্য পৰিমাণৰ মাতৃদুগ্ধ কাণত দিলে বিষৰ পৰা উপশম পাব পাৰে৷ 

[৫] ছুইয়িংগামঃ কেতিয়াবা উচ্ছতা আৰোহন কৰিলে বহুতৰে কাণৰ বিষ অনুভৱ হয়৷ বহু লোকৰ বিমানেৰে যাত্ৰা কৰিলেও কাণৰ বিষ অনুভৱ হয়৷ এনে ক্ষেত্ৰত এটা ছুইয়িংগাম চোবালে বিষৰ পৰা উপশম পাব পাৰি৷ 

[৬] নিমখ প্ৰয়োগৰ জৰিয়তেও কাণৰ বিষ কমাব পাৰিঃ কাণৰ যিকোনো চিকিৎসাত নিমখৰ ব্যৱহাৰ অতুলনীয়৷ নিমখক প্ৰাচীনত প্ৰাকৃতিক এণ্টিবায়টিক ৰূপে গণ্য কৰা হয়৷ কাণৰ বিষত আক্ৰান্ত হ’লে পাণ এখন ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে৷ নিমখৰ সৈতে পাণখন গৰম হোৱাৰ পাছত কিছুসময়ৰ বাবে ঠাণ্ডাা হ’বলৈ দিব লাগে৷ অলপ কুহুমীয়া হৈ থাকোতেই পাণখনৰ সৈতে নিমখখিনি মেৰিয়াই অলপা সময়ৰ বাবে কাণৰ ওপৰত ৰাখিলে বিষৰ পৰা উপশম পাব পাৰি৷ এইদৰে ঘৰুৱা উপায়েৰে কাণৰ বিষৰ পৰা সাময়িকভাৱে উপশম পাব পাৰি৷ কিন্তু সম্পূৰ্ণ নিৰাময়ৰ বাবে যিমান পাৰি সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে৷

 Share