ভাৰতৰ চাৰিবিধ কফ্ ছিৰাপ প্ৰাণনাশী হিচাপে চিহ্নিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ দক্ষিণ আফ্ৰিকাৰ গাম্বিয়াত এই চাৰিবিধ কফ্ ছিৰাপ ব্যৱহাৰ কৰি ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই কফ্ ছিৰাপ কেইবিধ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে৷ উল্লেখ্য যে প্ৰাণনাশী হিছাপে উল্লেখ কৰা এই কফ্ ছিৰাফ কেইবিধ প্ৰস্তুত কৰিছিল হাৰিয়ানাৰ মেডেন ফাৰ্মাচিউটিকেল নামৰ এটা ঔষধ প্ৰস্তুতকাৰী সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাই কফ্ ছিৰাপ কেইবিধক প্ৰাণনাশীৰূপে চিহ্নিত কৰাৰ পাছতে চিডিএছচিঅ’ অৰ্থাৎ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কKCল অৰ্গেনাইজেশ্বনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে প্ৰমেথাজিন অ’ৰেল ছলিউশ্বন, কফেক্স’মালিন বেবী কফ্ ছিৰাপ, মেক’ফ বেবী কফ্ ছিৰাপ আৰু মাগৰিপ এণ্ড কোল্ড ছিৰাপ নামৰ কাহ আৰু পানীলগাৰ পৰা পৰিত্ৰাণ পোৱা দৰৱ কেইবিধৰ সৈতে গাম্বিয়াৰ শিশুসমূহৰ মৃত্যুৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী পেড্ৰছ আদানন গেব্ৰিয়েছাছে এক সংবাদ মেলত সদৰী কৰা মতে ভাৰতত প্ৰস্তুত কৰা উল্লেখিত চাৰিবিধ কফ্ ছিৰাপ খোৱাৰ পাছতে গাম্বিয়াৰ শিশুসকল কিডনীৰ গুৰুতৰ সমস্যাত ভুগিছিল৷ যাৰ পৰিণতিত শিশুকেইটাৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই কফ্ ছিৰাপ কেইবিধ সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ পাছতে ভাৰত চৰকাৰে বিষয়টো সন্দৰ্ভত চিডিএছচি অ’ৰ জৰিয়তে তদন্ত আৰম্ভ কৰে৷ তদুপৰি হাৰিয়ানাৰ ঔষধ নিয়ন্ত্ৰক সংস্থা ষ্টেট ড্ৰাগছ কKCলাৰৰ সৈতেও তৎকালীনভাৱে যোগাযোগ কৰি বিষয়টো পৰীক্ষা-নিৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইপিনে সংস্থাটোৱে প্ৰকাশ কৰামতে ভাৰতত প্ৰস্তুত হোৱা যিকোনো দৰৱ যদি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হয় তেন্তে ইয়াৰ গুণগত মান পৰীক্ষা কৰিহে প্ৰেৰণ কৰা হয়৷ কিন্তু দক্ষিণ আফ্ৰিকালৈ প্ৰেৰণ কৰা কফ্ ছিৰাপৰ ক্ষেত্ৰত এই নীতি কাৰ্যকৰী কৰা হৈছে নে নাই তাক লৈ বিভিন্ন মহলত এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উজ্বল ভাৰত, উজ্বল ভৱিষ্য শক্তি উদযাপনৰ আয়োজন
২৭ আৰু ৩০ জুলাইত চৰাইদেউ জিলাত উজ্বল ভাৰত, উজ্বল ভৱিষ্য শক্তি @২০৪৭ উদযাপনৰ আয়োজন
ভাৰতৰ...
ઉપલેટા : રાહત દરે ફૂલ સ્કેપ ચોપડા વિતરણ કાર્યક્રમ યોજાયો | SatyaNirbhay News Channel
ઉપલેટા : રાહત દરે ફૂલ સ્કેપ ચોપડા વિતરણ કાર્યક્રમ યોજાયો | SatyaNirbhay News Channel
ખંભાતમાં પી.આઈની અધ્યક્ષતામાં સોની અને આંગડીયા એસોસિએશનની મીટીંગ મળી.
ખંભાતમાં શહેર પોલીસ મથકે પી.આઈની અધ્યક્ષતામાં સોની અને આંગડીયા એસોસિએશનની મીટીંગ મળી હતી.દિવાળી...
মৰাণৰ খোৱাঙত পথাৰে পথাৰে আফ্ৰিকাৰ এজন যুৱক । নৱ প্ৰজন্মক খেতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনালে যুৱকজনে
যিটো সময়ত অসমৰ কৃষকৰ মাজত খেতিৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, শ শ বিঘা মাটি চন পৰি ৰৈছে , সেই সময়তে...