গুজৰাটত চলি থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত সাতোৰবিদ শিৱাংগী শৰ্মাৰ জৰিয়তে অসমে আৰু এটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
আজি ৰাজকোটৰ ছুইমিং পুলত হোৱা মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত অংশ লৈ ৫৮.৭৭ ছেকেণ্ডত নিজৰ লক্ষ্যত উপনীত হৈ সোণৰ পদক অৰ্জন কৰে শিৱাংগীয়ে। প্ৰতিযোগিতাখনত শিৱাংগীৰ এয়া দ্বিতীয়টো পদক।
চলিত প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে শিৱাংগীয়ে ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। অসমে সাঁতোৰত এতিয়ালৈকে ছয়টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।
শিৱাংগীয়ে আজি লাভ কৰা সোণ পদকৰ পিছতে চলিত নেশ্যনেল গেমছত অসমৰ সোণৰ পদকৰ সংখ্যা সাতটালৈ বৃদ্ধি পালে।
ইফালে অসমৰ প্ৰতিভাৱান চাইক্লিষ্ট চয়নিকা গগৈয়ে এই সন্মানীয় প্ৰতিযোগিতাখনত নিজৰ দ্বিতীয়টো পদক জয়ী হ’বলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে ১০ কিলোমিটাৰ স্কেট ৰেছত ৰূপৰ পদক অৰ্জন কৰা চয়নিকা গগৈয়ে আজি ৮৫ কিলোগ্ৰাম শাখাৰ ৰ’ড ৰেছত তেওঁ পুনৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে অসমে চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত এতিয়ালৈকে সাতটা সোণ, আঠটা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ ১৮ টা পদক জয় কৰিছে।