তেজস্বীতা ৰ নামত মেডিকেল কলেজ স্থাপন ৰ দাবী - লুৰিণজ্যোতি গগৈৰতেজস্বীতা বৰুৱাৰ নামত চিকিৎসালয় খোলাৰ দাবী লুৰিণজ্যোতি গগৈৰ : তেজস্বীতাৰ গৃহত উপস্থিত হৈ পৰিয়ালটোৰ সৈতে দুখৰ সমভাগী অসম জাতীয় পৰিষদ

মাজুলীৰে নহয় সমগ্ৰ ৰাজ্যৰেই সম্ভাৱনাপূৰ্ণ শিল্পী সত্বা তেজস্বীতা বৰুৱাৰ গৃহত ইজনৰ পিছত সিজন উপস্থিত হৈ পৰিয়ালটোৰ দুখত সমভাগী হোৱা পৰিলক্ষিত হৈছে ৷ আজি পৰিয়ালটোৰ গৃহত 

 অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে সেইদিনাৰ সমগ্ৰ ঘটনাটোৰ বুজ লয় ৷ লুৰিণজ্যোতি গগৈক দেখি কান্দোনত ভাগি পৰিছে তেজস্বীতাৰ পিতৃ -মাতৃ ৷ সাংবাদিকৰ আগত লুৰিণজ্যোতি গগৈয়ে কয় আমি এগৰাকী প্ৰতিভাৱান ছাত্ৰীক হেৰোৱালো ,অসমৰ এটা শিল্পী সত্বাক অনভিজ্ঞ চিকিৎসাৰে মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে তেজস্বিতাৰ মৃত্যু সমগ্ৰ অসমৰেই এক গুৰুত্বপূৰ্ণ ক্ষতি বুলি উল্লেখ কৰি মাজুলীৰ জিলা সদৰ অসামৰিক চিকিৎসালয়ৰ নামত কেৱল এটা প্ৰকাণ্ড ঘৰ হল ৷ জিলা ঘোষনা হোৱাৰ পিছতো পূৰ্ণাংগ চিকিৎসালয় হিচাপে গঢ়ি তুলিব নোৱাৰিলে চৰকাৰ খনে ৷ ৰোগীক উন্নত অষ্টোপ্ৰচাৰ কৰিব পৰাৰ ব্যৱস্থা কৰাত সম্পূৰ্ণ ব্যথ চৰকাৰৰ চিকিৎসা বিভাগ ৷

মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ পোতৌ লগা অৱস্থাক ধাকিবলৈ চৰকাৰে আজিৰ তাৰিখত মাজুলীলৈ তিনিখন নতুন এম্বুলেন্স পঠোৱাটো লজ্জাজনক ৷ মাজুলীলৈ চিকিৎসকক পঠালে নাহে মাজুলীলৈ কোন চিকিৎসক আহে সেই সকলৰ নাম দল সংগঠনক চাই দিবলৈ কোৱা মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি স্বাস্থ্য মন্ত্ৰীয়ে নোৱাৰেই যেতিয়া পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে লুৰিনজ্যোতি গগৈয়ে ৷ মাজুলীৰ প্ৰতি চৰকাৰ খনৰ যি দায়িত্ব সেয়া আজিও পালন নকৰিলে বুলি উল্লেখ কৰি লুৰিনে মাজুলীবাসীৰ আৱেগ অনুভূতিক লৈ কেৱল চৰকাৰে ৰাজনীতি কৰিছে বুলি তীক্ষ্ণ সমালোচনা কৰা দেখা যায় ৷ লুৰিণজ্যোতি গগৈয়ে 

তেজস্বীতাৰ স্মৃতি যোগমিয়া কৰাৰ বাবে তেজস্বীতাৰ স্মৃতিত চিকিৎসা মহাবিদ্যালয় এখন প্ৰতিষ্ঠা কৰাৰ দাবী জনাই ৷ আনহাতে আজিৰ পৰা এমাহ পূৰ্বে কমলাবাৰী লাহলীয়ালৰ মানস বৰা নামৰ এজন সম্ভাৱনাপূৰ্ণ যুৱকে চিকিৎসকৰ ভুল চিকিৎসাৰ ফলত মৃত্যু হোৱাৰ পিছতো মাজুলীৰ চিকিৎসকে শিক্ষা নোলোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেতিয়া ঘোষনা কৰা তদন্তৰ প্ৰতিবেদন কি হল বুলি বিভাগক প্ৰশ্ন তুলাৰ লগতে তেজস্বিতাৰ

চিকিৎসাত হোৱা গাফিলতিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তত কৈ মুখ্যমন্ত্ৰীৰ তদন্তকাৰী কোষৰ দ্বাৰা তদন্ত হব লাগে আৰু 

দুষিক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি চৰকাৰক কঠোৰ সকিয়নী প্ৰদান কৰে লুৰিণজ্যোতি গগৈয়ে ৷ চৰকাৰ খনে সময় থাকোতেই মাজুলীত চিকিৎসাৰ উন্নত ব্যৱস্থা কৰক , চিকিৎসালয়ৰ নামত এটা প্ৰকাণ্ড গৃহৰ পৰিৰ্বতে এখন পূৰ্ণাংগ চিকিৎসালয় গঢ়ি তুলক বুলি মন্তব্য কৰি অন্যথা মাজুলীয়ে চিকিৎসাৰ নামত আৰু বহু প্ৰতিভাবানক হেৰুৱাব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷