তেজস্বীতাৰ ঘৰত উপস্থিত ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎচন্দ্ৰ গোস্বামী

 মাজুলীৰ ভৱিষ্যত , প্ৰতিভাৱান তিজস্বীতা বৰুৱাৰ মৃত্যুৰ পিছত মাজুলী বাসীৰ বুকুত জ্বলি থকা জুইকুৰা আজিও শান্ত হোৱা নাই ৷ হয়টো নহবওঁ কোনোদিন , ইদিনৰ পিছত সিদিন এতিয়া পাৰ কৰাটোৱে জতিল হৈ পৰিছি ঘৰখনত ৷

চকুৰপানীৰে বাট নেদেখা হোৱা পিতৃ-মাতৃ হালক সান্ত্বনা দিবৰ বাবে নিতৌ ঘৰ খনলৈ আগমন হৈছে বিভিন্ন জনৰ ৷ আজি এই দুৰ্ভগীয়া পৰায়ালটোৰ গৃহত উপস্থিত হয়হি ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎচন্দ্ৰ গোস্বামী সহ সত্ৰৰ ভকত বৈষ্ণৱ সকল ৷

পৰিয়ালটোত উপস্থিত হৈ সত্ৰাধিকাৰ গৰাকীয়ে পৰিয়ালটোক বুজনি দিয়াৰ লগতে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় স্বাধীনতা সংগ্ৰামী ড° পীতাম্বৰ প্ৰভুৰ নামত থকা মাজুলীৰ জিলা চিকিৎসালয়খনত আজি পৰ্যন্ত ৰোগীক চিকিৎসা কৰিব পৰাকৈ পৰ্যাপ্ত সুবিধা নৰখা কাৰ্য্যই পীতাম্বৰ প্ৰভুকেই অপমান কৰিছে ৷ এই ত্যাগী পুৰুষ জনৰ নামত থকা এই চিকিৎসালয় খনত চৰকাৰে পৰ্যাপ্ত সুবিধা প্ৰদান কৰক ৷ মাজুলীবাসীক আভুৱাভাৰি চিকিৎসা কৰা পদ্ধতি বন্ধ কৰক বুলি সত্ৰৰ সত্ৰাধিকাৰ শৰৎচন্দ্ৰ গোস্বামীয়ে বিভাগ টোলৈ সকিয়নী প্ৰদান কৰে ৷

তেজস্বীতাৰ মৃত্যুত পৰিয়াল টোলৈ সমবেদনা জ্ঞাপন কৰি এগৰাকী সৰ্বগুণী কন্যাৰ অকাল মৃত্যু অসহ্যকৰ বুলি উল্লেখ কৰে ৷ সকলোকে সহজতে মন জয় কৰা ছাত্ৰী তেজস্বীতাই মাজুলীৰ সাংস্কৃতিক পথাৰ খনত কমদিনৰ ভিতৰত যি অৰিহনা যোগালে সেয়া অতুলনীয় বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰি সত্ৰাধিকাৰ সহিতে ভকত বৈষ্ণৱ সকলে তেজস্বীতাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছে ৷