ঘিলামৰাৰ আশ্ৰয় শিবিৰৰ শতাধিক পৰিয়ালক সাহায্য বিতৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলে.

31 জুলাই দিনা ঘিলামৰাত সৃষ্টি হোৱা পলংকাৰি বাঢ়নী পানীয়ে বৰদৈবাম ,চকলাগুড়ি,ত্ৰিশূল, আদি কেইবাখনো গাঁৱৰ ঘৰ বাৰী জলমগ্ন কৰি  তোলাত গাঁৱ সমূহৰ ৰাইজে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে।ঘিলামৰা পাব্লিক হাই স্কুল আৰু মাজি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰায় তিনি শতাধিক পিৰিয়ালে নিজৰ আপোন ঘৰ খন আশ্ৰয় লবলগীয়া হৈছে।এই বানাক্ৰান্ত লোকক আজি অসম প্ৰদেশ কংগ্ৰেছকমিটিৰ সম্পাদক পদ্মলোচন দলে সাহায্য বিতৰণ কৰে