মঙলদৈত শাহু বোৱাৰীয়ে দেখুৱালে এক সুন্দৰ নিদৰ্শন ।
উদুলি মুদুলি পৰিবেশত অনুষ্ঠিত কৰিলে বিধবা বোৱাৰী আৰু সৰু পুত্ৰৰ বিবাহ ।
যি সময়ত শাহু শহুৰৰ অত্যাচাৰৰ বলি হোৱা বোৱাৰীৰ বাতৰি শিৰোনাম দখল কৰে, সেই সময়ত দৰঙত দেখা গল এক ব্যতিক্ৰম।
বিধবা বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ৰাখি পুনৰ নিজৰ সৰু পুত্ৰৰ লগত পাতি দিলে বিয়া।
এই ঘটনা মঙ্গলদৈ পৰাগ নগৰৰ। জুলা চলিহা আৰু বংশীধৰ চলিহা বৰ পুত্ৰই যোৱা জানুৱাৰী মাহত কভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল।
বিধবা হৈছিল কম বয়সীয়া বোৱাৰী গৰাকী।
প্ৰথমে ভাঙি পৰিছিল বোৱাৰী গৰাকী। চিন্তাত পৰিছিল শাহু শহুৰ।
ফুল কুমলীয়া বোৱাৰীক পুত্ৰৰ মৃত্যুৰ বাবে দায়ী নকৰি নিজ ছোৱালীৰ দৰে মনোবল দি গৈছিল তেওঁলোকে।
ইতিমধ্যে শহুৰ শাহু বুঢ়া হৈ আহিছে। সেয়েহে তেওঁলোকে আলোচনা কৰি সৰু পুত্ৰক দিলে বোৱাৰীক বিয়াৰ প্ৰস্তাৱ।
লগতে বোৱাৰীৰ পৰাও সন্মতি বিচাৰিলে।
অৱশেষত দুয়ো মান্তি হোৱাত বিয়া পাতি দিলে।
এই বিয়াক লৈ সুখী দৰা জ্যোতিপ্ৰসাদ চলিহা। অন্যহাতে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কইনা বোৱাৰী বন্দনা চালিহাও সুখী।
মঙ্গলদৈ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত আজি মাল্যাৰ্পন কৰি বিবাহ সম্পন্ন কৰা হয় দুয়োৰে।
উল্লেখ্য যে সমাজৰ শাহু বোৱাৰীৰ যি সংঘাত চলে তাৰ বিপৰীতে জুলা চলিহা আৰু বংশীধৰ চলিহা এক আদৰ্শ বুলি কব পাৰি।