মাজুলীলৈ আহিব লগা চিকিৎসকৰ সন্ধান দিব ৰাইজৰ দলে : স্বাস্থ্যমন্ত্ৰীক প্ৰত্যাহ্বন
: প্ৰতিভাৱান , সম্ভাৱনাপূৰ্ণ কন্ঠশিল্পী তেজস্বিতাৰ অকাল বিয়োগৰ পিছতেই সমগ্ৰ ৰাজ্যতেই মাজুলীৰ পয়ালগা স্বাস্থ্য ব্যৱস্থাক লৈ সৰব চৰ্চা চলা পৰিলক্ষিত হৈছে ৷
ৰাইজৰ দলে আজি কমলাবাৰীত এখন সংবাদ মেল পাতি মাজুলীলৈ আহিব লগা চিকিৎসকৰ সন্ধান দিম বুলি স্বাস্থ্য মন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় স্বাস্থ্য মন্ত্ৰীয়ে মাজুলীলৈ কোন চিকিৎসকে কাম কৰিবলৈ আহিবলৈ ইচ্ছুক আপোনালোকে জনাওকবুলি সাংবাদিক দল সংগঠনৰ সন্মুখত যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই মাজুলীত কাম কৰিবলৈ সাজু হোৱা ডাক্তৰ নাম ৰাইজৰ দলে দিব বুলি আজি সাংবাদিকৰ আগত সদৰি কৰে ৷
স্বাস্থ্য বিভাগে যোগাযোগ কৰিলে তথ্য দিবলৈ সাজু বুলি মন্তব্য ৰাইজৰ দল মাজুলী জিলা সমিতিৰ। ইফালে সংগঠনটোৱে আজি সাংবাদিকৰ আগত কয় যে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মাজুলীলৈ আহি শোক প্ৰকাশ কৰি দায়িত্ব সামৰিলেই নহব মাজুলীৰ স্বাস্থ্য খণ্ডৰ উন্নতি সাধন কৰক , বিকলহৈ পৰি থকা আল্ট্ৰাচাউণ্ড মেচিন মেৰামতি কৰক ৰেডীঅলজিষ্ট তাৎক্ষণিক নিযুক্তি দিয়ক ৷ ভুল ফলাফল ওলোৱা এস্কে মেচিন মেৰামতি কৰক মাজুলীলৈ আহি ঘৰিয়ালৰ চকুপানী নুটুকিব বুলি মন্তব্য সংগঠনটোৰ ৷
মাজুলীত এখন পূৰ্ণাংগ মেডিকেল কলেজ প্ৰতিস্থাৰ দাবী তুলি সংগঠনটোৰ মাজুলীৰ সাধাৰণ সম্পাদক প্ৰাণজ্যোতি ৰাজখোৱাই মাজুলীত এটা টেলিমেডিচিন চেণ্টাৰ দিবলৈ আহ্বান জনাই মাজুলীত প্ৰতিটো বিভাগতে বিশেষজ্ঞ চিকিৎসক প্ৰদান কৰা , মাজুলীৰ প্ৰতিখন চিকিৎলয়ত চিকিৎসাৰ উপযুক্ত সজুঁলি প্ৰদানৰ দাবী জনাই ৷