ৰাজ্যৰ সাংবাদিক - সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফা'ই ২০২২ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নাম সমুহ ঘোষণা কৰিছে

'জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে 'জাফা'ৰ  ২০২২ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা  প্ৰাপক সকলৰ নাম  ঘোষণা কৰে ।

দৈনিক জনমভূমি কাকতৰ দেওমৰনৈস্থিত সাংবাদিক ৰত্নেশ্বৰ চহৰীয়া 'জাফা'ৰ উক্ত  বঁটাৰ বাবে মনোনিত হোৱাত বৃহত্তৰ দেওমৰনৈ অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে। আপকু, দৰং জিলা সমিতিৰ সভাপতি, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ উপদেষ্টা চহৰীয়াৰ এনে প্ৰাপ্তিত বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতি, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰাম, দেওমৰনৈ শাখা কবি সমাজ, ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।