চিলাপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কংগ্ৰেছ নেতা অধীৰ পুৰকায়স্থ ৰ দেহাৱসান//বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

চিলাপথাৰ জোনাই সংযোগ পথ নিবাসী বিশিষ্ট ব্যক্তি অধীৰ পুৰকায়স্থৰ আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত যোৱা নিশা নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে প্ৰয়াত পুৰকায়স্হ অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনত বৰেণ্য অৰিহনা আগবঢ়াই থৈ গৈছে। একালত তেওঁ ভৈৰৱপুৰ নেতাজী এম ই স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতেই স্থাপন কৰে চিলা জনজাতি হাইস্কুল। এই স্কুলতে বহু বছৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰে। সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টাৰ লগতে বিভিন্ন অনুষ্ঠান-দল আৰু সংগঠনৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি থৈ গৈছে। পুৰকায়স্থই ১৯৯৭ চনত মহেশ দলেৰ নেতৃত্বাধীন মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰন সদস্যৰ পদত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তীকালত ২০১০ চনত চিলাপথাৰ পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হৈ সভাপতি ৰুপে কাৰ্যনিৰ্বাহ কৰে। আমৃত্যু পৰ্যপ্ত কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে দলৰ সেৱা আগবঢ়াই যোৱা বৰেণ্য সমাজ কৰ্মী জনৰ মৃত্যুত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ডাঃ হেম হৰি প্ৰসন্ন পেগু, চিচিবৰগাঁও ব্লক কংগ্ৰেছৰ সভাপতি প্ৰশান্ত চেতিয়া, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম,সাধাৰণ সদস্য কনক দলে,প্ৰতাপ টায়ে,ইউটুপিয়ান একাডেমীৰ সঞ্চালক তথা প্ৰাক্তন আছু নেতা সিদ্ধাৰ্থ ফুকন, অৱসপ্ৰাপ্ত শিক্ষক ৰমেন্দ্ৰ পাল , বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক শম্ভূ দাস, দাপোন ভাষাৰ গৱেষক ড০ উত্তম দাস, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞা, সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাস, নিখিল ভাৰত বঙ্গ সাহিত্য সন্মিলনৰ চিলাপথাৰ শাখাৰ সভাপতি ৰোহিত চন্দ্ৰ ৰয় আৰু সম্পাদক সজল নাথ আদি বিভিন্ন সংগঠন আনুষ্ঠানৰ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ মুক্তি কামণা কৰিছে। তেওঁৰ বিয়োগত মৰ্মাহত জোনাই ৰোড ব্যৱসায়ী সন্থাই দোকান পোহাৰ বন্ধ ৰাখি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মৃত্যুৰ সময়ত পত্নীসহ পুত্ৰ কন্যা তথা আত্মীয় স্বজনক এৰি থৈ যায়।