বৃটিছৰ দিনতে আৱিস্কাৰ হৈ পৰৱৰ্তী সময়ত চাহ আমাৰ গৌৰৱ, স্বাভিমান তথা অৰ্থনৈতিক ভেটিৰ সম্বল ৰূপে পৰিগণিত হ'ল ৷ শাৰী শাৰী চাহ গছেৰে ভৰা বাগিচা সমূহ তাহানি দিনৰে পৰা পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ৷ 

ৰাজ্য চৰকাৰে আমাৰ চাহ বাগিচা সমূহক বিশ্ব দৰবাৰত বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া অনাগত দিনলৈ অব্যাহত থাকক তাৰেই কামনা কৰিছোঁ।