ঐতিহ্যমণ্ডিত আমলখি দেওশালত টাই আহোম সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ৯ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে টাই আহোমসকলৰ শস্যৰ শ্ৰীবৃদ্ধি বাবে ‘খ্যেক লাই খাও মী -আই জঙ লাও ঙী জঙ খাম ' ৰিক খন খাও পৰম্পৰা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । আহোম ৰজাদিনীয়া জাগ্ৰত ঐতিহাসিক দেওশালখনিক অধিক সজীৱ কৰি ৰাখিবলৈ টাই আহোম পৰম্পৰাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, চাও লুং ছৗকাফাই এই মুলুকত ৰাজ্য প্রতিষ্ঠা কৰাৰ পাছৰে পৰা ম্যুঙ দুন ছুন খামত শস্যৰ আয়ুস বৃদ্ধিৰ বাবে পূজা অৰ্চনা কৰা ব্যৱস্থা হয় । এই পৰম্পৰা অনুষ্ঠানত টাই আহোমসকলৰ উপাস্য জলশক্তি ‘খাও খাম'ৰ পৰা খন্ – আয়ুস বিচাৰি পূজা - পাতল কৰি আহিছে । টাই আহোমসকলৰ প্ৰধান খেতিৰ শস্য হ'ল – ধান ( লখিমী ) । এই ধানৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে সোণালী গুটিৰে নদন - বদন হৈ ভঁৰালত ওপচি পৰাৰ কামনা কৰি -আই জঙ লাও ঙী জঙ খাম , খন খাও ৰাই খন খাও ঙী ঐ - স্তুতিৰে আহোমসকলে উপাসনা কৰি আহিছে । বছৰৰ আহিন মাহত ধান গছ সঁজাল ধৰি গেঁওলি হোৱাৰ সময় হয় , সেয়েহে এই মাহত – লাই খাও মী আই জঙ লাও ঙী জঙ খাম উৎসৱ অনুষ্ঠান পতাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । টাই আহোমসকলৰ ধান খেতিয়েই মূল জীৱিকাৰ শক্তি হলেও অন্যান্য শস্যসমূহৰো শক্তি বৃদ্ধি বা আয়ুস বৃদ্ধি সকলোৰে কামনা কৰে । এই আয়ুস বৃদ্ধি কামনা পৰম্পৰাকে সাৰোগত কৰি অনুষ্ঠিত কৰিব লোৱা এই অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ অতিথিসকল উপস্থিত থাকিব । অনুষ্ঠানটোত তাই আহোম সাংস্কৃতিক পৰিষদ আৰু পাটসাঁকো তাই একাডেমীৰ শিল্পীসকলৰ দ্বাৰা সমবেত সঙ্গীত , তাই গীত - মাত পৰিৱেশন , লখিমী পূজা সম্পৰ্কত আলোচনা চক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಜೀ ಕನ್ನಡ ನ್ಯೂಸ್ ಮೂರನೇ ವಾರ್ಷಿಕೋತ್ಸವ ಸಂಭ್ರಮದಲ್ಲಿ ವಿವಿಧ ಕ್ಷೇತ್ರಗಳಲ್ಲಿ ಅಪೂರ್ವ ಸಾಧನೆಗೈದಿರುವ 46 ಮಂದಿಯನ್ನ ಗುರ್ತಿಸಿ ಜೀ ಅಚೀವರ್ಸ್ ಅವಾರ್ಡ್-2025 ಪ್ರದಾನ ಮಾಡಲಾಯಿತು.
ಜೀ ಕನ್ನಡ ನ್ಯೂಸ್ ಮೂರನೇ ವಾರ್ಷಿಕೋತ್ಸವ ಸಂಭ್ರಮದಲ್ಲಿ ವಿವಿಧ ಕ್ಷೇತ್ರಗಳಲ್ಲಿ ಅಪೂರ್ವ...
Satara Udayanraje Bhosale on Dolby | डॉल्बीवर उदयनराजेंच्या प्रतिक्रियेवर पोलिसांची काय प्रतिक्रिया?
Satara Udayanraje Bhosale on Dolby | डॉल्बीवर उदयनराजेंच्या प्रतिक्रियेवर पोलिसांची काय प्रतिक्रिया?
iQOO भारत में मना रहा अपनी चौथी सालगिरह, iQOO 12 Desert Red नाम से लॉन्च हुआ स्पेशल एडिशन
iQOO भारत में अपनी चौथी सालगिरह मनाने जा रहा है। इस मौके पर कंपनी iQOO 12 Anniversary Edition...
চেৰাজেমৰ গোৱালপাৰা শাখা মুকলি
বিনামূলীয়া স্বাস্থ্য সংস্থা "চেৰাজেম"ৰ এটি শাখা আজি গোৱালপাৰাৰ টিলাপাৰাত মুকলি কৰা হয়।...