নুমলীগড়ত জিলা দিবসৰ লগত সংগতি ৰাখি সৰুপথাৰ সমষ্টিৰ বিধায়কে চাৰিটাকৈ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে জিলা দিবস ৰ লগত সংগতি ৰাখি সমষ্টিটোৰ মুঠ চাৰিটা কৈ অংগনবাদী কেন্দ্ৰ ৰ আধাৰশিলা স্থাপন কৰে।গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধিৰাজ দাসৰ উপস্থিতি ত মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত পূবমৰঙী আৰু ফলঙনি পঞ্চায়তত দুটা কৈ আৰু গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তগত ৰতনপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমগুৰি ত এটা অংগনবাদী কেন্দ্ৰ ৰ আধাৰশিলা স্থাপন কৰে।