মাজুলীত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ সন্দৰ্ভত গোলাঘাট ফৰকাটিংত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া l মাজুলীত চিকিৎসা বিভাগৰ গাফিলতিৰ বাবেই এগৰাকী 14 বছৰীয়া কিশোৰীৰ মৃত্যুৱে জোকাৰণিৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ ৰাজ্যত। স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপে এতিয়া লজ্জিত কৰিছে বুলি আজি গোলাঘাটত মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। আৰু লগতে কিশোৰী গৰাকীৰ মৃত্যুৰ এক উপযুক্ত তদন্ত ৰাজ্য চৰকাৰে কৰি যি সকল লোকৰ ভুলৰ বাবে তেজস্বীতা বৰুৱাৰ মৃত্যু হৈছে সেই সকল লোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে আজি কৃষক নেতা বিদ্যুত শইকীয়াই

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं