মৰিগাঁৱৰ ঐতিহাসিক শ্ৰীশ্ৰী ন-ৰোৱা কুজি সত্ৰত মহাপুৰুষ গুৰুজনাৰ ৫৭৪ তম জন্ম জয়ন্তী মহোৎসৱ ভাগি অতি আড়ম্বৰ পূৰ্ণভাৱে পালন কৰা হয়। হৰিনাম কীৰ্ত্তনে মুখৰিত হৈ পৰা সত্ৰখনিৰ অন্যতম সত্ৰীয়া সংস্কৃতি চৰ্চাৰ অনুস্থান শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত গাৱঁৰ সংস্কৃতিৱান মহিলা আৰু যুৱক সমাজে গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱটি আনন্দ উল্লাসৰে পালন কৰে।পুৱা প্ৰভাতী পথ কীৰ্তনৰ পিছতে কলাকেন্দ্ৰৰ মঞ্চত অস্থায়ীভাৱে স্থাপন কৰা থাপনাত বন্তি প্ৰজ্জলন কৰে সত্ৰৰ বুঢ়া ভকত ৯৭ বছৰীয়া বৈষ্ণৱ শ্ৰীদীননাথ হাজৰিকাই। বন্তি প্ৰজ্জলন কৰি অশিতিপৰ বৈষ্ণৱ ভকতগৰাকীয়ে কয়যে ১০০ বছৰ আগতেই এই অসম মুলুকত এক অংক যুক্ত অংকীয়া নাট ৰচনাৰে গুৰুজনাই অসমীয়া সকলক সাহিত্য তথা ললিত কলাত চহকী কৰি থৈ যায় যদিও উপযুক্ত প্ৰচাৰৰ অভাৱতে পিছ পৰি ৰ'ল বুলি খেদ প্ৰকাশ কৰে।অন্যহাতে শ্ৰীমন্ত কলা কেন্দ্ৰৰ প্ৰাক্তন সভাপতি তথা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডিম্বেশ্বৰ বৰুৱাই কেন্দ্ৰৰ ধ্বজা উত্তোলন কৰে।ধ্বজা উত্তোলন কাৰ্যসূচীৰ আঁত ধৰে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা কলা কেন্দ্ৰৰ সম্পাদক লুইত হাজৰিকাই। দুপৰীয়া সত্ৰত ভক্তপ্ৰাণ ৰাইজে নাম প্ৰসঙ্গৰ লগতে মণ্ডপতো গুৰুজনাৰ নাম প্ৰসংগ অনুস্থিত কৰে। সন্ধ্যা ঘৰে ঘৰে বন্তি প্ৰজ্জলনৰ পিছতে যমুনা গোস্বামী আৰু সংগী সকলে দিহা নাম পৰিবেশন কৰি সত্ৰৰ যুবক যুৱতী কলা-কুশলী সকলে পৰিবেশন কৰা "সীতা হৰণ ৰাৱণ বধ" ভাওনা মুকলি কৰে । সীতাৰ চৰিত্ৰত অভিনয় কৰা কণমানি কাবেৰী বৰুৱাৰ অভিনয়ে দৰ্শকৰ অন্তৰ জয় কৰাৰ লগতে ৰাৱণৰ চৰিত্ৰত ভাও দিয়া কুকিল শইকীয়াৰ সাৱলীল অভিনয় আছিল অতি প্ৰশংসনীয়। তাৰ লগে লগে নীল চৰিত্ৰত পৰাগমনি কেওঁটৰ অভিনয়েও দৰ্শকৰ মন জয় কৰে। মুঠতে প্ৰতিগৰাকী ভাৱৰীয়াৰ অভিনয় আছিল শলাগিব লগিয়া। বৰ বায়ন ৰাজু বৰুৱা আৰু প্ৰবীৰ শইকীয়াৰ পৰিচালনাত খোলবাদ্যত সংগত কৰে কাজু বৰুৱা, ৰাহুল শইকীয়া আৰু ভাৰ্গব মনি শইকীয়াই । নাটকৰ গীতাংশত জিতমনি বৰুৱাৰ কণ্ঠদান সাৱলীল । মুঠতে ভক্তপ্ৰাণ ৰাইজে বিপুল উৎসাহেৰে গুৰুজনাৰ জন্মোৎসৱ ভাগিৰ সফল সমাপ্তি কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अग्र आरोही महिला मंच ने सेवा भारती को भेंट की 4 सिलाई मशीन
अग्र आरोही महिला मंच की ओर से शनिवार को सेवा भारती, कोटा महानगर के श्याम नगर सिलाई प्रशिक्षण...
Sheikh Hasina के मामले में भारत के सामने क्या हैं विकल्प? (BBC Hindi)
Sheikh Hasina के मामले में भारत के सामने क्या हैं विकल्प? (BBC Hindi)
लाइनमैन को 1000 रूपए जोखिम भत्ता देने का आदेश जारी
पन्ना :विद्युत वितरण कम्पनी में आउटसोर्स के माध्यम से नियोजित आईटीआई उत्तीर्ण लाइनमैन के...
Sanjay Raut | ईडीविरोधात भांडताना संजय राऊतांची तक्रार | Marathi News
Sanjay Raut | ईडीविरोधात भांडताना संजय राऊतांची तक्रार | Marathi News