বুধবাৰে নিশা কেৰালাৰ পলক্কড় জিলাত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি প্ৰায় ৪০ গৰাকী লোক আহত হয়।

এই শিহৰণকাৰী দুৰ্ঘটনাটো পলক্কড় জিলাৰ বড়াক্কেনচেৰীত সংঘটিত হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা বড়াক্কেনচেৰীৰ সমীপৰ মংগলমত স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই লৈ গৈ থকা এখন পৰ্যটক বাছে কেৰালাৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ এখন বাছত পিছৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে।

সংঘৰ্ষৰ পিছত বাছখন জলাশয়ত পৰি যায়। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। প্ৰায় ৪০ জন আহতক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহু লোকৰ অৱস্থা সংকটজনক হৈয়ে আছে।

জানিব পৰা মতে, ৫৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো। শিক্ষাৰ্থীৰে ভৰা পৰ্যটকৰ বাছখন এৰ্ণাকুলামৰ বেছিলিয়োছ বিদ্যানিকেতন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উটী অভিমুখে গৈ আছিল।

পৰ্যটকৰ বাছখনে এখন চাৰিচকীয়া বাহনক অভাৰটেক কৰিবলৈ গৈ পৰিবহণ নিগমৰ বাছখনত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত ৯জন লোকৰ ভিতৰত ৬জন পুৰুষ আৰু তিনিগৰাকী মহিলা।