শাৰদীয় দুৰ্গোৎসৱৰ উলাহ উদ্দীপনাৰ মাজতে নুমলীগড় আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰহাৰত গৃহৰক্ষী জোৱান আহত।

 আৰক্ষীৰ পোছাকত পুনৰ কলংকিত কৰি নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া "চিদা হাজৰীকাই" ষষ্ঠীৰ নিশা মদ্যপান কৰি "কিৰণ গগৈ" নামৰ গৃহৰক্ষী জোৱানজনক প্ৰহাৰ কৰাৰ অভিযোগ ৷ ইয়াকে লৈ শেহতীয়াকৈ সৰব হৈ পৰিছে সদৌ অসম গৃহৰক্ষী কল্যাণ সন্থা ৷ পূজাৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ অবনতি নহবৰ বাবে কৰ্তব্যৰ খাতিৰত চাৰিদিনৰ পিছত গৃহৰক্ষী সন্থাই বৃহস্পতিবাৰে এই ঘটনাৰ উচিত বিচাৰৰ বাবে কাষ চাপিছে সাংবাদিকৰ ৷ সংবাদ মাধ্যমৰ জড়িয়তে মূখ্যমন্ত্ৰী , আৰক্ষী সঞ্চালক প্ৰধান , গোলাঘাটৰ আৰক্ষী অধীক্ষকক ব্যবস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷ ঘটনা অনুসৰি ষষ্ঠীৰ নিশা গৃহৰক্ষী জোৱান কিৰণ গগৈ আৰক্ষী চকীত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে আৰক্ষী বিষয়া চিদা হাজৰিকাই এডাল ইলেকট্ৰিক কেবোলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে বুলি অভিযোগ কৰিছে গৃহৰক্ষী জোৱান কিৰন গগৈয়ে ৷ যাৰ ফলত জোৱানজনৰ পিঠি , বাউসী আদিত আঘাতপ্ৰাপ্ত হয় ৷ ইমানতেই ক্ষান্ত নাথাকি চিদা হাজৰিকাই আৰক্ষী চকীত থকা মুল্যবান টিভিটোও ভাঙি পেলোৱাৰ অভিযোগ ৷ ইয়াকে লৈ নুমলীগড়ত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শীঘ্ৰেই বিষয়াজনৰ ওপৰত ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে গৃহৰক্ষী সন্থাই