সোণাৰিত শান্তিপূৰ্ণ ভাৱে দূৰ্গা বিসৰ্জন সম্পন্ন

শাৰদীয় দুৰ্গোৎসৱৰ অন্তিমটো দিনত আজি লোকে লোকাৰণ্য হৈ পৰে সোণাৰি নগৰ। আজি দশমী উপলক্ষে পুৱাৰ পৰাই নগৰখনৰ সকলো পূজা মণ্ডপত মহিলা সকল উপস্থিত হৈ দেৱী দুৰ্গাক পুৰোহিতৰ মন্ত্ৰউচ্চাৰণৰ মাজেৰে বছৰটোৰ বাবে বিদায় জনায়। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ১ বজাৰ পৰা পূজাৰ আয়োজক সকলে একাদ্ৰিক্ৰমে নিজৰ নিজৰ মূৰ্তি সমূহ লৈ বিসৰ্জনৰ বাবে সোণাৰি বৰাহী চাৰিআলিৰ টাউকাক নৈৰ ঘাটৰ অভিমুখে যাত্ৰা কৰে। ঢাক, ডি জেৰ তালে তালে নৃত্য, আনন্দ উল্লাস কৰি আয়োজক সকলে শান্তিপূৰ্ণ ভাৱে নিজৰ নিজৰ মূৰ্তি সমূহ নি টাউকাক নৈত নি বিসৰ্জন দিয়ে।