Slug-Golaghat Bijaya Dosomi 

Golaghat

আজিৰ শুভ বিজয়া দশমী।ষষ্ঠীৰ দিনা বেদ মন্ত্ৰৰে দেৱীক পাতত তুলি তিনিদিন ৰীতিনীতি মাজেৰে পূজা অৰ্চনা কৰি আজিৰ দিনটোত দেৱীক আৱেগিক পৰিৱেশৰ মাজেৰে বোৱতী নদীত বিসৰ্জন দিয়া হয়।আজিৰ দিনটোত বিবাহিত মহিলাই দেবী দুর্গাক বৰণ কৰাৰ পিছতে সেন্দুৰ খেলি আনন্দ কৰে।

গোলাঘাটৰ প্ৰতিটো পূজা মণ্ডৱত দেখা গৈছে 

এই দৃশ্য । আজি মা দুর্গাৰ বিদাই বেলাত গোলাঘাটত সকলো দেৱীৰ প্ৰতিমা বিসৰ্জনৰ অনুমতি প্ৰদান কৰিছে গোলাঘাট জিলা প্ৰশাসনে। গোলাঘাট জিলাত প্ৰতিবছৰে ৮০ টাৰো অধিক পূজা অনুষ্ঠিত হয়।গোলাঘাট নগৰত ১৬ টা আৰু ফৰকাটিং অঞ্চলত দুটাকৈ পূজা মণ্ডৱৰ দেৱী বিসৰ্জনৰ অনুমতি দিছে জিলা প্ৰশাসনে।পূৰ্বৰ দৰে এইবাৰ বিজয়া দশমীৰ দিনা গোলাঘাটত দেখা নগ'ল কোনো উৎসৱ,সমদল।

গোলাঘাটৰ প্ৰশাসনে ধনশিৰি নৈত

দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে সকলো পূজা কমিটিক অনুমতি প্ৰদান কৰিছে   বিসৰ্জনৰ কাৰণে।গোলাঘাট আৰক্ষীৰ কটকতিয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সমাপন হোৱা দুৰ্গা পূজা শান্তি পূৰ্ণ ভাবে আজি সমাপ্ত হয়।আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে গোলাঘাটৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে গোলাঘাটত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহল।সম্পূৰ্ণ শান্তিৰ পৰিৱেশৰ মাজেৰে আজি সমাপন হল দশমী।বিদায় জনোৱা হল দুৰ্গতিনাশিনী মা দুৰ্গাক।

Byte পাপৰি দাস , চক্ৰ বিষয়া গোলাঘাট