পুনৰ  অসমৰ যুৱক বহি: ৰাজ্যত কৰুণমৃত্যু

পৰিয়ালৰ দাবী এয়া পৰিকল্পিত হত্যাকাণ্ড।খহনীয়াগ্ৰস্থ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ভাস্কৰ। পৰিয়ালৰ মাজত হাহাকাৰ ,পিতৃক চিকিৎসালয়ত ভৰ্তি।। .

 মাজুলী ভকত চাপৰি ১ নং চামগুৰি গাঁৱৰ যুৱক ভাস্কৰ দাস (২৫) হাইডৰাবাদত যোৱা কালি অকাল  মৃত্যুক সাৱতি লয় 

◆ভকত চাপৰি ১নং চামগুৰি গাঁৱৰ নগেন দাসৰ ডাঙৰ লৰা আছিল ভাস্কৰ দাস।

◆ পৰিয়াল লোকৰ ভাষ্য অনুসৰি যোৱা কালি সন্ধিয়া মাক দেউতাকৰ লগত কথা পাতিছিল ভাস্কৰে । নিজৰ ৰুমত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি লগৰ লৰাই পৰিয়াল লোকক খবৰ দিয়ে।

◆হাইডৰাবাদৰ ৰংগাৰেডি জিলাৰ এটা ব্যক্তিগত কোম্পানীৰ সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত হৈ আছিল যুৱক জন ।

◆ভকত চাপৰি অঞ্চলৰ খহনীয়া গ্ৰস্ত পৰিয়ালটো পোহ পাল দিয়াৰ স্বাৰ্থতে ৪বছৰৰ বহি ৰাজ্যলৈ ওলাই গৈছিল যুৱক জন ।

◆অমায়িক যুৱক জনৰ মৃত্যু অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে ।

◆পুত্ৰৰ মৃত্যু খবৰ শুনি সংজ্ঞাহীন পিতৃ নগেন দাস । বৰ্তমান কমলাবাৰী চিকিৎসালয়ত ভৰ্তি পিতৃ নগেন দাসক।

◆মাতৃয়ে কান্দি কান্দি মৃতদেহ টো মাজুলী ঘৰলৈ আনিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাটৰ অনুৰোধ জনাইছে ।হঠাৎ খহনীয়াগ্ৰস্থ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা যুৱকজনৰ মৃত্যুৱে অন্ধকাৰ নমাই আনিছে। কেমেৰাত সঞ্জিতৰ ৰ সৈতে প্ৰাঞ্জল খাউণ্ড