মহানৱমী সন্ধিয়া জন অৰণ্যত পৰিণত গোলাঘাট নগৰ 

মঙ্গলবাৰে সন্ধিয়া গোলাঘাট নগৰত দেখা পোৱা গল অগণন লোকৰ ভীৰ । শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী সন্ধিয়া নগৰত পুজা আৰু মেলা চাবলৈ এইদৰে ভীৰ কৰা পৰিলক্ষিত হল।

আনফালে প্ৰত্যেক বছৰৰ দৰে এইবাৰো শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে নগৰৰ মেলাত বিনামূলীয়া খোৱা পানীৰ যোগান ধৰিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই লগতে এই বাৰ তেওঁ এক ব্যতক্ৰমী চেষ্টা গছপুলিৰ বিপনিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই গছপুলি বিপনীৰ যোগে বিধায়ক গৰাকীয়ে যুৱ প্ৰজন্মৰ মাজত প্লাষ্টিক অথবা কাগজৰ অন্যান্য সৌন্দৰ্য বৰ্ধক সামগ্ৰীৰ ঠাইত হেৰাব ধৰা পুৰনি গছ ফুলৰ পুলি যোগান ধৰিছে।