আমাক  একো নাপালেওঁ সুখত থাকিবলৈ শিকাই  : এনে আৰ্দশই হল আমাৰ গুৰুদুজনাৰ আৰ্দশ

আমাক ধন , সম্পত্তি দিয়া , আমাক শক্তি দিয়া ,আৰু আমাৰ শত্ৰু সকলক খুচি-কাটি ধ্বংস কৰি দিয়া এনেধৰনৰ চিন্তাৰে দূৰ্গা পূজাৰ আয়োজন কৰি শক্তি দেৱীক পূজা কৰা হয় আৰু তাৰ বিপৰিতে আমাৰ মহাপুৰুষ দুজনাৰ দৰ্শনে আমাক একো নাপালেওঁ সুখত থাকিবলৈ শত্ৰুক বিনাশৰ পৰিৰ্বতে সুবুদ্ধি দিয়াৰ দৰে দৰ্শনৰ কথা কয় ৷

এনে আৰ্দশই হল আমাৰ গুৰুদুজনাৰ আৰ্দশ ৷ আজি শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ দ্বাৰা আয়োজিত শংকৰউৎসৱত মাজুলীৰ লেখক দুৰ্গেশ্বৰ শইকীয়াই লিখি উলিওৱা 'আধ্যাত্মিক পৃষ্ঠা' নামৰ গ্ৰন্থ খন উন্মোচন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই এই দৰেই কয় ৷ ড° শইকীয়াই গুৰুদুজনাৰ গুন বখানি কয় আন ধৰ্মত মুখ্য প্ৰপ্তিৰ বাবে যেনে ধৰনৰ কৃচ্ছ্ৰ সাধন কৰিব লাগে হিন্দু ধৰ্মত বা গুৰুদুজনাৰ আৰ্দশত সেইবোৰ কোৱা নাই বুলি উল্লেখ কৰি বক্তা গৰাকীয়ে অসমীয়া সমাজ ব্যৱস্থাৰ সৈতে গুৰু দুজনাৰ সৃষ্টিৰাজী জড়িত থকা দিশৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰে ৷

সমগ্ৰ ৰাজ্যত ধুম- ধামেৰে দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ বিপৰিতে মাজুলীৰ অৰ্ধশতাাধিক স্থানত দুই তিনিদিনীয়াকৈ আয়োজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ ৷ এই উপলক্ষে ৩ অক্টোবৰৰ পৰা উজনি মাজুলীৰ শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত ৰাঙলীবাহাৰৰ গাঁৱৰ লগতে অঞ্চলৰ ২১ খন গাঁৱৰ ৰাইজ সহযোগত নামনি ৰাঙলীবাহাৰ নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰউৎসৱৰ ৷

তিনি তাৰিখত বৰগীত আৰু দিহানাম প্ৰতিযোগিতাৰ সমান্তৰালভাৱে লেখক , কবি দুৰ্গেশ্বৰ শইকীয়াৰ গ্ৰন্থ ' আধ্যাত্মিক পৃষ্ঠা' ৰ উন্মোচনী অনুষ্ঠানৰ আঁট ধৰে প্ৰণৱ শইকীয়াই ৷ লেখক শ্ৰী শইকীয়াই গ্ৰন্থ উন্মোচনৰ পূৰ্বে এই গ্ৰন্থ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰাৰ লগতে পাঠকৰ সহাৰি কামনা কৰে ৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গ্ৰন্থ প্ৰকাশক পাহী-পৰি প্ৰকাশৰ পৰিচালন সঞ্চালিকা কৃষ্ণ মেধি আৰু স্বত্বাধিকাৰী জয়ন্ত হাজৰিকা , সমাজকৰ্মী জীৱন শইকীয়া ৷ সভাত উন্মোচিত গ্ৰন্থ খনে আধ্যাত্মিক তত্ব প্ৰচাৰ - প্ৰসাৰত বহু খিনি সহায়ক হব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷