ৰাজ্যৰ বিভিন্ন স্থানত চুৰি কাণ্ড সংঘটিত কৰি অহা এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত এটা চোৰক আটক কৰাৰ লগতে ১০ খনকৈ চুৰি হোৱা বাইক উদ্ধাৰ কৰে ।বিহপুৰীয়া থানাত ৰুজু হোৱা কেছ নং ১৮৩/২২ ৰ U/S ৪১১ আই পি ছি ৰ অধীনত তদন্তৰ ভিত্তিত গোপন সূত্ৰৰ পম খেদি চেঁচা ৰাজগড়ৰ গোবিন বৰাক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

গোবিনে বিভিন্ন ঠাইৰ পৰা বাইকসমূহ চুৰি কৰি বিক্ৰী কৰি আহিছিল ৷ শিমলুগুৰি আৰক্ষীয়ে চুৰি কাৰ্যৰ লগত জড়িত আন সকলোকৰ ওপৰতো নজৰ ৰাখিছে ৷