নাৰায়ণপুৰৰ পথালিপাহাৰত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন ৷ গুৰতৰভাৱে আহত দুজন ৷

নৱমীৰ পূজা উপভোগ কৰিবলৈ পৰিয়ালসহ AR 05 7666 নম্বৰৰ নিজা স্কুটিৰে বান্দৰদেৱালৈ গৈছিল বিহপুৰীয়াৰ কেঞামৰাৰ স্বপন বিশ্বাস আৰু পত্নী পুত্ৰ ৷ পথালিপাহাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত থিতাতে নিহত স্বপন বিশ্বাস । আহত দুই স্বপন বিশ্বাসৰ পত্নী আৰু পুত্ৰ আহত ৷ দুয়োকে চিকিৎসালয়ত ভৰ্তি ৷