শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাখৰ মাজতে এগৰাকী মহিলাক স্বামীয়ে নিৰ্যাতন চলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ উত্তৰ গুৱাহাটী সন্মিলিত নাৰী মঞ্চ আৰু সেই মঞ্চৰ মান্দাকাটা শাখা সমিতিয়ে ৷ নাৰী সংগঠনটোৱে অভিযোগ কৰামতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মান্দাকাটা গাঁৱৰ প্ৰয়াত আজিজৰ ৰহমানৰ কন্যা চাহেদা বেগমে আজিৰপৰা প্ৰায় ২২ বছৰ পূৰ্বে দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত শিঙিমাৰি গাঁৱৰ প্ৰয়াত হাচমত আলীৰ পুত্ৰ বাপধন আলীৰ সৈতে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল ৷ দুই সন্তানৰ মাতৃ চাহেদাক এইগৰাকী স্বামী বাপধন আলীয়ে মূৰত প্ৰহাৰ কৰি হত্যা কৰা বুলি ইতিমধ্যে ছিপাঝাৰ থানাত এটা গোচৰো ৰুজু কৰা হৈছে ৷ পূৰ্বৰেপৰা সময়ে সময়ে পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা স্বামী বাপধনে এইবাৰ নিৰ্যাতনৰ চৰম সীমা অতিক্ৰম কৰি চাহেদাক ডিঙিত ধৰি পকী বেৰত মূৰটো খুন্দিয়াই দিয়ে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত চাহেদাক মান্দাকাটাৰ পিতৃ পৰিয়ালে GMCH ত ভৰ্তি কৰে যদিও যোৱা ২৯ ছেপ্টেম্বৰত GMCH তে চাহেদাৰ নিশা মৃত্যু হয় ৷ চাহেদাৰ মৃত্যুৰ পিছতে আত্মগোপন কৰে স্বামী বাপধনে ৷ আজি ছিপাঝাৰ থানা আৰু চাহেদাৰ পিতৃগৃহত উপস্থিত হৈ বৃহত্তৰ উত্তৰ গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ সভানেত্ৰী বিউটি বৰা, মঞ্চৰ
মান্দাকাটা শাখাৰ সভানেত্ৰী দিলজান বেগম,সম্পাদিকা লাইলা চৌধুৰীয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীক চৰম শাস্তি বিহাৰ দাবী উত্থাপন কৰে ৷