আজি মহানৱমিৰ দিনা গোলাঘাটত দেৱী দুৰ্গাৰ শৰণাপন্ন হল মন্ত্ৰী অজন্তা নেওগ আৰু অতুল বৰা

আজি শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী দিনা গোলাঘাট নগৰৰ সনাতন ধৰ্ম সমাজ মন্দিৰ আৰু হিন্দী স্কুল ৰোডত উদযাপিত দেৱী দুৰ্গাৰ সেৱা কৰি আশীষ বিচাৰিলে কৃষি মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অজন্তা নেওগে।

যোৱা দুটা বছৰ কোভিড অতিমাৰিৰ বাবে অনুষ্টোপিয়াকৈ দুৰ্গা পূজা উদযাপন কৰা হৈছিল। কিন্তু এই বছৰ ৰাজ্যৰ আন প্ৰান্ত লগতে গোলাঘাটতো শাৰদীয় দুৰ্গোৎসৱৰ উশল মাখল পৰিবেশ চাই আন্দিত হোৱা বুলি জানিব দিয়া লগতে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতাৰ শলাগ লৈ মন্ত্ৰী অতুল বৰাই। আনফালে মন্ত্ৰী অজন্তা নেওগে আজি মহানৱমী দিনা দেৱীক সেৱা জনাই অসুয়া শক্তি সমুহ নাশ হোৱা আৰু ৰাইজে মঙ্গল কামনা কৰিলে।