আজি শাৰদীয় দুৰ্গাপূজাৰ মহানৱমী। পৰম্পৰা অনুসৰি মহানৱমী উপলক্ষে কুমাৰী পূজা পালন কৰা হয়।‌‌‌‌‌‌‌‌‌ শাস্ত্ৰ অনুসৰি দেৱী দশভূজাক  মাতৃ হিচাপে বন্দনা কৰা হয় আৰু অৰজঃস্বলা কুমাৰী ছোৱালীক দেৱীৰ ৰূপত পূজা অৰ্চনা কৰা হয়।

“যা দেবী সর্বভূতেষু; মাতৃৰূপেণ সংস্থিতা। নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।"

ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ বিভিন্ন ঠাইত কুমাৰী পূজা অনুষ্ঠিত হৈ আহিছে। আনহাতে শক্তিপীঠ কামাখ্যাৰ কুমাৰী পূজা এক অন্যতম পূজা।

"আলোকচিত্ৰত ৩৯ সংখ্যক ঔতলা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ কুমাৰী পূজা"