পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত নিযোজিত হৈ থকা পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈছে ।পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰক্ষী বিভাগে হেলিকপ্তাৰ খন নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে। টুইটাৰযোগে পাকিস্তান সশস্ত্ৰ বাহিনীৰ আইএছপিআৰৰ মিডিয়া শাখাই কয় যে হেলিকপ্টাৰ খনে দ্বাদশ কৰ্পৰ কমাণ্ডাৰ জেনেৰেল চাৰফৰাজ আলী আৰু বেলুচিস্তানত চলি থকা বান সাহায্য অভিযানত তদাৰক কৰি থকা আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়াক কঢ়িয়াই লৈ গৈছিল। বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকা পাকিস্তান সেনাৰ হেলিকপ্টাৰ খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ সংযোগ নোহোৱা হৈ পৰিছিল। কমাণ্ডাৰসহ ছয়জন ব্যক্তি হেলিকপ্তাৰ খনত  আছিল । সন্ধানহীন হোৱা হেলিকপ্তাৰ খনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं