বাক্সা: প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ এইবাৰো বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বাক্সা জিলাৰ মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মনোজ দাসে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত। মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয় ৷ সভাত এন এইছ এমৰ জিলা সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তইও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সভাত জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰভূদ শৰ্মা, এন এইছ এমৰ জিলা প্ৰকল্প বিষয়া ধ্ৰুৱজ্যোতি জ্যোতি শইকীয়া, ডিচিএম ৰফিক আহমেদ, মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ ৰেবতী বসুমতাৰী, পিৰামল স্বাস্থ্যৰ সৌৰভ দাসৰ লগতে মুছলপুৰ অসামৰিক চিকিৎসালয় আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেবাগৰাকীও চিকিৎসক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खनिज विभाग की टीम पर पथराव, दो गार्ड जख्मी, हमलावर मेसनरी स्टोन से भरी दो ट्रैक्टर ट्रॉली को छुड़ा ले गए
बूंदी। जिले के देई थाना क्षेत्र के जेतपुर के तलवास चौराहे पर अवैध मिट्टी खनन की सूचना पर शनिवार...
Delhi Murder News Update: दिल्ली मर्डर के बाद का CCTV आया सामने। Latest Update। Crime News
Delhi Murder News Update: दिल्ली मर्डर के बाद का CCTV आया सामने। Latest Update। Crime News
Three Assam police superior officer suspended today by CM
Chief Minister unhappy with Darrang police. CM unhappy with the role of Darrang police by...