বাক্সা: প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ এইবাৰো বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বাক্সা জিলাৰ মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মনোজ দাসে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত। মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয় ৷ সভাত এন এইছ এমৰ জিলা সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তইও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সভাত জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰভূদ শৰ্মা, এন এইছ এমৰ জিলা প্ৰকল্প বিষয়া ধ্ৰুৱজ্যোতি জ্যোতি শইকীয়া, ডিচিএম ৰফিক আহমেদ, মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ ৰেবতী বসুমতাৰী, পিৰামল স্বাস্থ্যৰ সৌৰভ দাসৰ লগতে মুছলপুৰ অসামৰিক চিকিৎসালয় আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেবাগৰাকীও চিকিৎসক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંરક્ષણમાં સ્વદેશીનું સ્વપ્ન! ભારતીય નૌકાદળ પહેલીવાર દેશમાં સંપૂર્ણપણે બનેલા ગનપાઉડરનો ઉપયોગ કરશે
ભારતીય નૌકાદળ પ્રથમ વખત ભારતની ખાનગી કંપનીમાં બનાવેલ 100% સ્વદેશી 30 એમએમ ઉચ્ચ વિસ્ફોટક ગન...
Breaking News: रेप के मामलों पर ममता बनर्जी ने पीएम मोदी को फिर लिखा खत | Kolkata Rape Case
Breaking News: रेप के मामलों पर ममता बनर्जी ने पीएम मोदी को फिर लिखा खत | Kolkata Rape Case
Google Maps यूजर्स ध्यान दें! गूगल को है आपकी हर खबर; लोकेशन हिस्ट्री, सर्च रिजल्ट ऐसे करें डिलीट
गूगल मैप्स का इस्तेमाल करने के साथ अनजान रास्ते आपके लिए आसान हो जाते हैं। लेकिन गूगल मैप्स को...
સુરત શહેરના મેયર દ્વારા શહેરી જનતાને વડાપ્રધાનના કાર્યક્રમમાં ઉપસ્થિત રહેવા આમંત્રણ આપવામાં આવ્યું.
સુરત શહેરના મેયર દ્વારા શહેરી જનતાને વડાપ્રધાનના કાર્યક્રમમાં ઉપસ્થિત રહેવા આમંત્રણ આપવામાં...