কলাইগাওঁ আৰক্ষীয়ে পিষ্টল সহ এজন যুবকক গ্ৰেপ্তাৰ কৰিলে কলাইগাও আৰক্ষীয়ে ।যুবক জনৰ নাম দুলুমনি শইকীয়া।ঘৰ কলাইগাও আৰক্ষী থানাৰ অন্তৰ্গত খৈৰাবাৰীত।
ঘটনা অনুসৰি খৈৰাবাৰী নিবাসী সাবিত্ৰী চিৰাং নামৰ মহিলা এগৰাকীক নিজ স্বামী দুলুমনি শইকীয়াই বিবাহৰ পিছৰে পৰা নানা অত্যাচাৰ কৰি অহাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল।
তাৰ বাবে যোৱা কালি কলাইগাও আৰক্ষী থানাত মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে নিজ স্বামীৰ লগত এটা পইন্ট ২ পিষ্টল থকাৰ কথা অবগত কৰাৰ পিছত কলাইগাও আৰক্ষীয়ে ধৃত স্বামীক থানালৈ লৈ আহি সোধ পোচ কৰাত পিষ্টল থকাৰ কথা অবগত কৰাত আৰক্ষীয়ে ঘৰ তালাচী কৰাত ঘৰৰ বিশেষ স্হানৰ পৰা পইন্ট ২পিষ্টল এটা আৰু দীঘল তৰোৱাল এখন পাবলৈ সক্ষম হয় ।
ইফালে ধৃত দুলুমনি শইকীয়াক কলাইগাও আৰক্ষী য়ে সোধপোছ অব্যাহত ৰাখে।
আনহাতে কলাইগাও আৰক্ষীয়ে ধৃত দুলুমনি শইকীয়াৰ ওপৰত এক গোচৰ ৰুজু কৰি আজি ওদালগুৰি জিলা আদালতত আজিৰ কৰাব বুলি কলাইগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈ জানিব দিয়ে।