শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাষ্টমী দিনা গোলাঘাট নগৰত উখল মাখল পৰিবেশ নগৰৰ বিভিন্ন পূজা মণ্ডপত দেখাগল ভক্ত সকলৰ সমাগম

 ৰাজ্যৰ আন প্ৰান্তৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাষ্টমী দিনা গোলাঘাট নগৰত দেখা পোৱা গল উৎসবৰ আনন্দ ঢাক ঢোল শংখ আৰু ডবাৰ ধ্বনিৰে মুখৰিত পূজা মণ্ডপ সমূহত স্থাপন কৰা দেৱী দুৰ্গাৰ লগতে অন্য দেৱ দেৱীক ধূপ দ্বীপ নৈবদ্য অৰ্পন কৰি মঙ্গলৰ কামনা কৰিলে ভক্ত সকলে।

উল্লেযোগ্য যে যোৱা দুটা বছৰ অতিমাৰী কোভিডৰ বাবে প্ৰশাসনিক নিৰ্দেশনা অনুসৰি ৰাইজে অনুষ্টোপিয়াকৈ উদ্যাপন কৰিছিল শাৰদীয় দুৰ্গোৎসৱ কিন্তু বৰ্তমান কোভিড সংক্ৰমণ নিৰ্মূল হয় অহাত আনন্দ উল্লাসেৰে এইবাৰ উদ্যাপন কৰিছে দুৰ্গোৎসৱ।