নুমলীগড়ত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । মৰঙিতখেতি পথাৰ তহিলং । ৰাইজে উজাগৰে পাৰ কৰিছে নিশা ।
নুমলীগড়ৰ কাষৰীয়া মৰঙিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । প্ৰায় এশৰো অধিক এটা হাতীৰ বৃহৎ জাকে নিশা তেলীয়া গাওঁ , ধলাকছাৰী , শ’লমাৰি , মিৰিপথাৰ আদি অঞ্চলৰ পথাৰত গেঁৰধৰা শালিধানৰ পথাৰ তহিলং কৰি কৃষকৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ বৃহত্তৰ অঞ্চলৰ অধিকাংশ কৃষি পথাৰত হাতীৰ উপদ্ৰৱৰ বাবেই খেতি কৰিবলৈ এৰি চন পেলাই থৈছে যদিও একাংশ কৃষকে বছৰদিনৰ ভাত কেইটাৰ বাবে অলপ হলেও খেতি কৰিছিল ৷সেয়াও নিশাটোৰ ভিতৰতে তচনচ কৰি গ’ল বনৰীয়া হাতীৰ জাকে ৷ পুৱা ৭ বজা পৰ্যন্ত হাতী খেদি পথাৰৰ পৰা উলিয়াই পঠিয়াবলৈ চেষ্টা কৰিছে কৃষকে ৷ যাৰফলত ৰাতি উজাগৰে থাকি দূৰ্গা পূজাৰ উপভোগৰপৰা বিৰত থাকিবলগীয়া হৈছে এইসকল ভুক্ত ভোগী গঞাই । কিন্তু বিয়াগোম বনবিভাগৰ আহৰি নাই হাতীৰ জাকটোক খেদি পঠাবলৈ ৷ খবৰ দিয়াৰ পিছতো উপস্থিত নহ’ল বকিয়াল খণ্ড বন বিভাগ। হাতীৰ জাকটোত আছে কেইবাটাও পোৱালি ।