সামাজিক মাধ্যমত আলফা স্বাধীন ক মুকলি সমৰ্থন কৰি মৰাণ ৰাইদঙীয়া গাঁৱৰ ২৩ বছৰীয়া যুৱতী বৰ্তমান জেলত । ডেৰমাহৰ পুৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়াই ( প্ৰণিতা চুতীয়া) " আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা 🧡" বুলি লিখিছিল। তাৰভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act &
<span;>R/W- Sec- 67 of IT Act 2000 গোচৰ ৰুজু কৰি আটক কৰে মাইনা চুতীয়াক। সম্প্ৰতি মাইনা চুতীয়া এতিয়া কাৰাগাৰত। উল্লেখযোগ্য যে মাইনা চুতীয়া এগৰাকী ৰাষ্ট্ৰীয়পৰ্যায়ৰ খেলুৱৈ লগতে ঘৰৰ কাষতে এটি গোট গঠন কৰি সৰু সৰু লৰা ছোৱালীক প্ৰশিক্ষণ দি আছিল লগতে নিজেও গোলাঘাট জিলাৰ হৈ বাচনি হৈছিল অহা ৭ আগষ্টৰ পৰা গুৱাহাটীত হব লগা জিলাভিত্তিক চিনিয়ৰ ৱুশ্বু চেম্পিয়নছিপৰ বাবে। বৰ্তমান বন্ধ কুঠৰীত নিৰৱে উচুপিব লগা হৈছে মাইনা চুতীয়া (প্ৰণিতা চুতীয়া) ই।
খেললৈ মাত্ৰ ৪ দিন বাকী। খেলুৱৈ থাকিব লাগিছিল অনুশীলনত, আছে জেলত
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_1ea496b621578265756e6bd67715bf1b.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)