আজি ২ অক্টোবৰ আজি মহা মানব মহাত্মা গান্ধী ৰ ১৫৩ তম জন্ম জয়ন্তী, আজি পুৱাই উজনী মাজুলীৰ জেংৰাইমুখ ৰাজীৱ ভৱনত পালন কৰা হয় গান্ধী জয়ন্তী লগতে ৰাষ্ট্ৰীয় অহিংসা দিৱস ৷

 পুৱাই মহাত্মা গান্ধীৰ ফটোত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে মাজুলী জিলাৰ কংগ্ৰেছৰ সভাপতি দধি বৰুৱাই ৷

 অনুষ্ঠানত উপস্থিত থাকি সহযোগ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু তথা উজনী মাজুলী জিলা ব্লক কংগ্ৰেছৰ কৰ্মী সকলে ৷

 অনুষ্ঠানত দধি বৰুৱাই সকলোকে গান্ধী প্ৰাৰ্থনা পাঠ কৰোৱাই । তাৰ পিছতেই দধি বৰুৱা আৰু ৰাজীৱ লোচন পেগুৱে গান্ধীৰ ওচৰত এক স্মাৰক ভাষণ প্ৰদান কৰে !