গুজৰাটত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে অসমৰ তাৰকা এথলীটসকলে। এতিয়ালৈকে অসমে কমেও পাঁচটা পদক লাভ কৰিবলৈ সক্ষম হৈছে।
স্প্ৰিণ্টাৰ অম্লান বৰগোহাঁইয়ে ১০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে। বৰগোহাঁইয়ে ১০.৩৮ ছেকেণ্ডৰ ভিতৰতে দৌৰ সমাপ্ত কৰে।
অসমৰ চাইকেল আৰোহী চয়নিকা গগৈয়ে ১০ কিলোমিটাৰ শাখাত ৰূপৰ পদক লাভ কৰিছে।
ইফালে নয়নমনি শইকীয়াই লন বলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ৫৯ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় পপি হাজৰিকাই।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি পুৰুষৰ লন বল ডাবলছতো অসমে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মৃদুল বৰা আৰু ৰুপ্টু গগৈৰ দলে দিল্লীক ১৮-১৬ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।
প্ৰথমবাৰৰ বাবে গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ২৯ ছেপ্তেম্বৰৰ পৰা ১২ অক্টোবৰলৈকে চলিব