শিৱসাগৰঃ শিৱসাগৰ জিলাত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰশিক্ষণ আৰম্ভ হৈছে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে শিৱসাগৰ জিলা প্ৰশাসন সষ্টম হৈ উঠিছে। নিৰ্বাচনৰ সকলো কামকাজ সঠিক ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰৰ তিনিখনকৈ শিক্ষানুষ্ঠান ক্ৰমে শিৱসাগৰ বিশ্ববিদ্যালয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত ইতিমধ্যে যোৱা ১৭ মাৰ্চ ২০২৪ তাৰিখে প্ৰিজাইডিং আৰু প্ৰথম পোলিং বিষয়াৰ প্ৰথম প্ৰয্যায়ৰ প্ৰশিক্ষণ আৰু আজি ১৯ মাৰ্চ, ২০২৪ তাৰিখে দ্বিতীয় পৰ্যায়ত দ্বিতীয় পোলিং বিষয়া আৰু তৃতীয় পোলিং বিষয়াৰ প্ৰশিক্ষণ হৈ যায়। শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে উদ্বোধন কৰা এই প্ৰশিক্ষণ শিৱিৰত তিনিগৰাকীকৈ অতিৰিক্ত জিলা আয়ুক্ত উপস্থিত থাকে । ৪০ গৰাকীকৈ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা উক্ত শিৱিৰত প্ৰায় ২৪০০ পোলিং আৰু প্ৰিজাইডিং বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তই পোলিং বিষয়াসকলক নিৰ্বাচনৰ সকলো কৰ্তব্য নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায় ৷৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं