বালিপৰাৰ সমীপৱৰ্তী খেলমাটী পাকবিলত এখন সুৰাৰ বিপনী স্থাপনক লৈ প্ৰতিবাদ।প্ৰতিবাদ দিবাং বাৰ কাম ৰেষ্টুৰেণ্ট নামৰ সুৰাৰ বিপনী খনকলৈ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰাৰ সমীপৱৰ্তী খেলমাটি পাকবিলত এখন সুৰাৰ দোকান স্থাপনক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। ৰাইজৰ অভিযোগ অবৈধ্যভাৱে ভূৱা নথি পত্ৰৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে স্থাপন কৰা এই সুৰাৰ বিপনীখনৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া এইসকল লোক।উল্লেখ্য যে জামুগুৰি হাটৰ প্ৰেমদা দেৱীৰ নামত থকা এই সুৰাৰ বিপনী খনে স্থানীয় ৰাইজক মিছা প্ৰলোভন দি বিভিন্ন অজুঁহাত দেখুৱাই মাটিৰ কাগজত চহী কৰাৰ লগতে একাংশ স্থানীয় লোকৰ ভূৱা চহী মাৰি সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ লাভ কৰি দিবাং বাৰৰ নামত বিগত কেইদিমানৰ পৰা চলাই আছিল বিপনী খন আৰু আজি বিপনীখনৰ সন্মুখত পাকবিল অঞ্চলৰ ৰাইজে এনেদৰেই এইসকল লোকে এনেদৰেই প্ৰতিবাদ সাৱ্যস্ত কৰে। ঘটনা স্থলীত চাৰিদুৱাৰ আৰক্ষী উপস্থিত হৈ সুৰাৰ বিপনীখন বন্ধ কৰি দিয়ে।
শোণিতপুৰৰ বালিপৰাৰ পাকবিলত এখন সুৰাৰ বিপনী স্থাপন কৰাক লৈ ৰাইজৰ প্ৰতিবাদ…প্ৰশাসনে বন্ধ কৰি দিলে সুৰাৰ বিপনীখন
 
  
  
  
   
   
   
  