ডিব্ৰুগড়ত তিনিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা দিৱস। ১৯৭১ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় জিলাৰ মৰাণত জিলা দিৱসৰ তোৰণ মুকলি কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে লগত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। ডিব্ৰুগড় জিলা দিৱসৰ উপলক্ষ্যে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিষ্ঠা কৰা অস্থায়ী তোৰণ খন উদ্বোধনৰ সময়ত বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত হয়।