অৰুণাচল প্ৰদেশ-নগালেণ্ডত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি AFSPA। এক অক্টোবৰ, ২০২২ৰ পৰা ৬ মাহলৈ পুনৰ অৰুণাচল প্ৰদেশৰ তিনিখন জিলা আৰু নগালেণ্ডৰ ৯খন জিলাত বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। অৰুণাচল প্ৰদেশৰ তিনিখন জিলাৰ লগতে নগালেণ্ডৰ ৯খন জিলাত AFSPA অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। কেন্দ্ৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণৰ পাছতে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা কেইখনত এই আইনৰ সময়সীমা বৃদ্ধি কৰা হয়।গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি AFSPA বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে- টিৰাপ, চাংলাং আৰু লংডিং।আনহাতে নগালেণ্ডৰ ডিমাপুৰ, মন, নিউলেণ্ড, কিফিৰে, নক্লাক, পেৰেন, চুমৌকেডিমা, ফেক আৰু জুনহেবোটো জিলাত AFSPAৰ সময়সীমা বৃদ্ধি কৰা হৈছে ছয় মাহলৈ। তাৰোপৰি নগালেণ্ডৰ আন চাৰিখন জিলাৰ ১৬ খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাতো বলৱৎ থাকিব AFSPA। উল্লেখ্য যে, ২০২৩ চনৰ ৩০ মাৰ্চলৈকে এই আইন বলবৎ থাকিব।ইতিমধ্যে অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে। ইফালে, সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা এই আইন বাতিলৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে প্ৰতিবাদকাৰীসকলে।মন কৰিবলগীয়া যে বিগত বছৰৰ ডিচেম্বৰ মাহত নগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত সেনাৰ গুলীত ১৪ জনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতে AFSPA প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ হৈছিল পাহাৰীয়া ৰাজ্যখনত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વૃદ્ધ મહિલાને સારવારની જરૂર હોય આ મહિલાની S.S.G. હોસ્પિટલ ખાતે સારવાર કરાવતી રાવપુરા શી ટીમ
વૃદ્ધ મહિલાને સારવારની જરૂર હોય આ મહિલાની S.S.G. હોસ્પિટલ ખાતે સારવાર કરાવતી રાવપુરા શી ટીમ
જેતપુર - પોરબંદર હાઇવે ઉપર એસટી બસે પલ્ટી મારી | Jetpur Porbandar Highway | Accident News | Dpnews
જેતપુર - પોરબંદર હાઇવે ઉપર એસટી બસે પલ્ટી મારી | Jetpur Porbandar Highway | Accident News | Dpnews
Bangladesh Beat Sri Lanka: World Cup में क्या बांग्लादेश ने की चीटिंग? Angelo Mathews हुए टाइम्ड ऑउट
Bangladesh Beat Sri Lanka: World Cup में क्या बांग्लादेश ने की चीटिंग? Angelo Mathews हुए टाइम्ड ऑउट
ઓલપાડ ખાતે પ્રાંતકક્ષા ની ‘વિશ્વાસથી વિકાસ યાત્રા’માં રૂ.૧૦.૦૭ કરોડના વિકાસ કામોના લોકાર્પણ-ખાતમુહુર્ત
ઓલપાડ ખાતે પ્રાંતકક્ષા ની ‘વિશ્વાસથી વિકાસ યાત્રા’માં રૂ.૧૦.૦૭ કરોડના વિકાસ કામોના...
દાહોદ નગરપાલિકા દ્વારા.......
આથી રસ ધરાવતી એજન્સીઓને જણાવવાનું કે દાહોદ નગરપાલિકા વિસ્તારમાંથી રખડતા ઢોર/આખલા પકડવાનું કરવા...