ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰলৈ পৰিণত হোৱা ধনশিৰি মহকুমাত আজি অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইৰ নামেৰে এখন বক্সিং একাডেমীৰ শুভ উদ্বোধন কৰা হয়। মহকুমাটোৰ বৰপথাৰ নগৰত অ' এন জি চিৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মাণ কৰা হৈছে লাভলীনা বৰগোহাঁই বক্সিং একাডেমী। শনিবাৰে শুভ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে উপস্থিত থাকে অ' এন জি চিৰ অসম তথা অসম আৰাকান বেচিনৰ কাৰ্যবাহী সঞ্চালক আৰু বেচিন মেনেজাৰ
সুষমা ৰাৱট। ইপিনে ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ধনশিৰি মহকুমাধিপতি দিনছেংফা বৰুৱা, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বক্সাৰ গৰাকীৰ পিতৃ টিকেন বৰগোঁহাইও উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত লাভলীনা বৰগোহাঁই বক্সিং একাডেমীৰ শুভ উদ্বোধন কৰে অ এন জি চিৰ বেচিন মেনেজাৰ সুষমা ৰাৱটে। বক্সাৰ গৰাকীৰ নামত নিৰ্মিত বক্সিং একাডেমীয়ে খেলুৱৈ সকলে ভূগি অহা দীৰ্ঘদিনিয়া সমস্যা দূৰ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আনহাতে বিধায়ক বিশ্বজিৎ ফুকনে সাংবাদিকৰ আগত সৰুপথাৰত ক্ৰীড়াৰ ক্ষেত্ৰত আজি এক নতুন দিগন্তৰ সূচনা হ’ল বুলি মত প্ৰকাশ কৰাৰ লগতে এই একাডেমীয়ে ধনশিৰি মহকুমাক অসমৰ ক্ৰীড়াৰ ৰাজধানী কৰাৰ দিশত আৰু এখোজ আগুৱাই নিলে বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ ની ૨૪ જેટલી મહિલા ઉદ્યોગ સાહસિકો એ સુરેન્દ્રનગર શહેરની સિકંદર સીંગ , મેક્સન ફાર્મા અને RIZA ની મુલાકાત લીધી
તા ૧૪/૦૪/૨૩ , શુક્રવાર ના રોજ COWE ( કન્ફેડરેશન ઓફ વુમન ઓન્ત્રેપ્રેન્યોર ) ના ગુજરાત ચેપ્ટર માંથી...
In "Iss Holi," Manoj Bajpayee teases The Family Man Season 3. - Newzdaddy
The third season of The Family Man is being teased in a new video that Manoj Bajpayee posted on...
আহোম জনগোষ্ঠীৰ আসন সংৰক্ষণক লৈ সৰৱ লাচিত সেনা, অসম সুৰক্ষা বাহিনী
আহোম জনগোষ্ঠীৰ আসন সংৰক্ষণক লৈ সৰৱ লাচিত সেনা, অসম সুৰক্ষা বাহিনী ৷ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক...
Farrey के ट्रेलर लॉन्च पर Salman Khan ने भांजी Alizeh Agnihotri का बढ़ाया हौसला Bollywood News
Farrey के ट्रेलर लॉन्च पर Salman Khan ने भांजी Alizeh Agnihotri का बढ़ाया हौसला Bollywood News