৬৮ তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে মাজুলীত চিত্ৰাংকণ প্ৰতিযোগিতা

৬৮ তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি মাজুলী বন বিভাগৰ উদ্যোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলী আৰু আৰণ্যকৰ সহযোগত শ্ৰী লোহিত উচ্চমাধ্যমিক বিদ্যালয়ত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও সমীপৱৰ্তী বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয়।প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকণ প্ৰতিযোগিতা খনি পৰিচালনা কৰে বিশিষ্ট চিত্ৰ শিল্পী দেৱজিৎ বৰা আৰু জোনাকী জাতীয় বিদ্যালয়ৰ শিক্ষক দিগন্ত শইকীয়াই।

বিদ্যালয় খনৰ এজোপা ডাঙৰ শিমলু গছৰ ছাঁত প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী সকলক অনুভৱ কৰোৱা হয় গছে আমাক অক্সিজেনৰ লগতে প্ৰখৰ ৰদৰ পৰা ছাঁ দিয়ে।চিত্ৰাংকণ প্ৰতিযোগিতা খনিত ক শাখাত প্ৰথম স্থান লাভ কৰে অৰূপ হাজৰিকা দ্বিতীয় স্থান লাভ কৰে মৃগাংক প্ৰতিম শইকীয়া শ্ৰীলোহিত উচ্চমাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে জোনাকী জাতীয় বিদ্যালয়ৰ ময়ূৰ দত্তই।

খ শাখাত প্ৰথম স্থান লাভ কৰে মিমাগ পেগু দ্বিতীয় স্থান লাভ কৰে যদুমণি মেধি আৰু তৃতীয় স্থান লাভ কৰে অয়ন মুক্তিয়াৰে।প্ৰতিযোগিতাৰ অন্তত বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাত বন্যপ্ৰাণী সপ্তাহৰ ওপৰত বিশেষ বক্তৃতা আগবঢ়ায় আঞ্চলিক বন বিষয়া দেৱব্ৰত খনিকৰে।সভাৰ উদ্দেশ্য ব্যাখ্যা কয় খণ্ড বন বিষয়া অতুল কুমাৰ দাসে।প্ৰতিযোগিতা খনি পৰিচালনাত বিভিন্ন প্ৰকাৰে সহযোগিতা কৰে বিদ্যালয়ৰ শিক্ষক বিষ্ণু মুদৈ, অজিত শইকীয়া, কৃষ্ণাশ্ৰী বৰাৰ লগতে সমূহ শিক্ষক কৰ্মচাৰী সকলে।ইয়াৰ পাছত বঁটা বিতৰণ কৰা হয়,সমগ্ৰ কাৰ্যসূচী আঁত ধৰি শলাগৰ শৰাই আগবঢ়াই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই।