উজনি অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত আটাইকেইগৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয়। ৩০ চেপ্তেম্বৰত ছাত্ৰ একতা সভাৰ ৮ টা পদৰ বাবে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি আটাইকেইটা পদতে জয়লাভ কৰে আছু সমৰ্থিত প্ৰাৰ্থীসকলে। আজি ঘোষিত ফলাফল অনুসৰি জয়লাভ কৰা প্ৰাৰ্থী সকল হ'ল সহকাৰী সম্পাদক হিমাক্ষী ফুকন, সাংস্কৃতিক সম্পাদক কল্যাণ চেতিয়া, সমাজসেৱা সম্পাদক বিশ্বজিৎ গগৈ, গুৰু ক্ৰীড়া সম্পাদক প্ৰতাপ থাপা, লঘু ক্ৰীড়া সম্পাদক দিপাংকৰ হাজৰিকা, তৰ্ক সম্পাদক শৰ্মীষ্ঠা গগৈ, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক শ্বেখ ছাদিক হুছেইন আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদক সন্তোষ নায়ক। আনহাতে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মনোনয়ন দাখিল কৰা আছু সমৰ্থিত আন ছয় গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। তেওঁ লোকৰ নাম ক্ৰমে ভৃগু হাজৰিকা, সভাপতি, ৰক্তিম নেওগ, উপ সভাপতি, ৰিছা কোঁৱৰ, সাহিত্য সম্পাদক, আলোচনী সম্পাদক মনিষা কৰ্মকাৰ, সংগীত বিভাগৰ সম্পাদিকা পূজাশ্ৰী গগৈ আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকা সংগীতা দে। মন কৰিবলগীয়া যে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰা দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত সেই পদত নিৰ্বাচন অনুষ্ঠিত নহ'ল যদিও পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইফালে এই নিৰ্বাচনত ছাত্ৰ একতা সভাৰ বাবে নিৰ্বাচিত আটাইকেইগৰাকীকে আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বড়া, উপ সভাপতি দেৱ কুমাৰ গুপ্তা, সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱাশীষ বৰুৱা উপস্থিত থাকে এই অভিনন্দন অনুষ্ঠানত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Royal Enfield Bullet 350: पहले से और भी दमदार हुई रॉयल एनफील्ड की ये बाइक, फोटो से समझें नए फीचर्स
Royal Enfield Bullet 350 को J-सीरीज प्लेटफॉर्म मिलता है। जिसके कारण ये काफी दमदार है। आज हम आपको...
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
गुहागरमधील तळी येथे ब्लॅक पॅंथरचे दर्शन #Blackpanther #24news #marathinews #shorts #ratnagiri24news
गुहागरमधील तळी येथे ब्लॅक पॅंथरचे दर्शन #Blackpanther #24news #marathinews #shorts #ratnagiri24news
IN TIME NEWS Gujarati News | Diwali 2022 | Diwali Promo
IN TIME NEWS Gujarati News | Diwali 2022 | Diwali Promo
જિલ્લાના ૩૧,૭૯૯ મતદારોને પસંદ ના પડ્યા ઉમેદવાર....!
જિલ્લાના ૩૧,૭૯૯ મતદારોને પસંદ ના પડ્યા ઉમેદવાર....!