চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত সোণাৰিৰ চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত শুক্ৰবাৰে সন্ধিয়া এক বৈঠকত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ আগন্তুক অসম আগমনৰ সম্পৰ্কত বিস্তৃত আলোচনা কৰা হয় এই বৈঠকত। অহা ৮ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় সভাপতি গৰাকীক আদৰণি জনোৱা অনুষ্ঠানত অংশগ্ৰহণ সম্পৰ্কে অনুষ্ঠিত বৈঠকখন চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই পৌৰহিত্যত কৰে। এই বৈঠকত আগন্তুক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আলোচনা আগবঢ়াই। উক্ত সভাত উপস্থিত থাকে চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, A D C L ৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, কাজল দে, অসম ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মিনা চাহু, জিলা পৰিষদৰ সদস্য, ৰাজ নায়ক,যুৱ মৰ্চাৰ সম্পাদক চিৰঞ্জীৱ মহন, চাহ জনগোষ্ঠীয় মৰ্চাৰ সভাপতি বিজয় ভুমিজ, চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনিতা পা‍ংগিং, বিভিন্ন মণ্ডলৰ সভাপতি, সম্পাদক সকলৰ লগতে ৱাৰ্ড কমিছনাৰ সকলৰ উপৰিও ভালে সংখ্যক দলীয় কাৰ্যকৰ্তা।