পূজাৰ উছাহৰ মাজতে দীঘিৰপাৰ নিকটৱৰ্তী বৰঙাবাৰীত নিশা বাঘৰ আতংক।
যোৱা নিশা বাঘে কামুৰিলে দুজনক।
দীঘিৰপাৰৰ বৰঙাবাৰীৰ আশিক হাজৰিকা আৰু কাউৰপৰীৰ মফিজুল হকৰ গৃহত হয় এই ঘটনা।
নিশা ১২ বজাত জেওৰা ভঙা শব্দ পোৱাত মফিজুল হকে ওলাই আহি চোৱাত বাঘটোৱে আক্ৰমণ কৰে।লগে লগে হুৱাদুৱা লাগে আৰু ৰাতিয়েই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমানো চিকিৎসাধীন হৈ আছে মফিজুল হক।
 
  
  
   
   
   
  